• Home
  • »
  • News
  • »
  • sports
  • »
  • Reliance Industries : ক্ৰিকেট দক্ষিণ আফ্ৰিকাৰ আগন্তুক টি-২০ লীগত ফ্ৰেঞ্চাইজি ক্ৰয় ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ

Reliance Industries : ক্ৰিকেট দক্ষিণ আফ্ৰিকাৰ আগন্তুক টি-২০ লীগত ফ্ৰেঞ্চাইজি ক্ৰয় ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ

ৰিলায়েন্স জিঅ’ৰ অধ্যক্ষ আকাশ আম্বানিয়ে কয়, 'দক্ষিণ আফ্ৰিকাৰ এই ফ্ৰেঞ্চাইজিৰ জৰিয়তে এতিয়া আমাৰ তিনিখন দেশত তিনিটা টি-২০ দল আছে।'

ৰিলায়েন্স জিঅ’ৰ অধ্যক্ষ আকাশ আম্বানিয়ে কয়, 'দক্ষিণ আফ্ৰিকাৰ এই ফ্ৰেঞ্চাইজিৰ জৰিয়তে এতিয়া আমাৰ তিনিখন দেশত তিনিটা টি-২০ দল আছে।'

ৰিলায়েন্স জিঅ’ৰ অধ্যক্ষ আকাশ আম্বানিয়ে কয়, 'দক্ষিণ আফ্ৰিকাৰ এই ফ্ৰেঞ্চাইজিৰ জৰিয়তে এতিয়া আমাৰ তিনিখন দেশত তিনিটা টি-২০ দল আছে।'

  • Share this:
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ক্ষেত্ৰত ক্ৰমান্বয়ে নিজৰ স্থিতি শক্তিশালী কৰি তুলিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে (Reliance Industries)। ক্ৰিকেট দক্ষিণ আফ্ৰিকাৰ (Cricket South Africa) আগন্তুক টি-২০ লীগত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে ফ্ৰেঞ্চাইজি ক্ৰয় কৰাৰ কথা ঘোষণা কৰিছে। কেপটাউনত এই নতুন ফ্ৰেঞ্চাইজিয়ে মুম্বাই ইণ্ডিয়ানছ (Mumbai Indians) ব্ৰেণ্ডক আৰু আগুৱাই লৈ যাব। ইয়াৰ উপৰি ইউ এ ই ইণ্টাৰনেচনেল লীগ টি-২০ দলৰ অধিগ্ৰহণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

ক্ৰীড়া জগতত ক্ৰিকেট ফ্ৰেঞ্চাইজিৰ মালিকীস্বত্ব, ভাৰতীয় ফুটবল লীগ, ক্ৰীড়া পৃষ্ঠপোষকতা, পৰামৰ্শদাতা আৰু খেলুৱৈ প্ৰতিভা ব্যৱস্থাপনা সম্প্ৰসাৰণত উল্লেখযোগ্য ভূমিকা পালন কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে। ইয়াৰ উপৰি ৰিলায়েন্স ফাউণ্ডেচন স্প’ৰ্টছে (Reliance Foundation Sports) ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ চি এছ আৰ শাখাটোৱেও ভাৰতৰ অলিম্পিক আন্দোলনত মুখ্য ভূমিকা পালন কৰিছে। দেশৰ খেলুৱৈসকলক চেম্পিয়ন হোৱাৰ বাবে বিভিন্ন সা-সুবিধা প্ৰদান কৰা হৈছে। ইয়াৰ উপৰি ভাৰতে বিশ্বব্যাপী ক্ৰীড়া অনুষ্ঠানসমূহ উপস্থাপন কৰিব পৰা স্থানকো শক্তিশালী কৰা হৈছে। চলিত বৰ্ষৰ আৰম্ভণিতে নীতা আম্বানিয়ে ৪০ বছৰৰ ব্যৱধানৰ অন্তত ২০২৩ চনত মুম্বাইত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ অধিৱেশন আয়োজন কৰাৰ সফল চেষ্টা চলাইছিল।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সঞ্চালিকা শ্ৰীমতী নীতা আম্বানিয়ে (Mrs. Nita Ambani) কয়, “আমাৰ নতুন টি-২০ দলটোক ৰিলায়েন্স পৰিয়াললৈ আদৰণি জনাই মই আনন্দিত হৈছোঁ! আমি অত্যন্ত উৎসাহিত হৈছোঁ মুম্বাই ইণ্ডিয়ানছ ব্ৰেণ্ডৰ নিৰ্ভীক আৰু মনোৰঞ্জনমূলক ক্ৰিকেটক দক্ষিণ আফ্ৰিকালৈ আনিবলৈ। আচলতে এইখন দেশেও আমাৰ ভাৰতৰ দৰেই ক্ৰিকেটক বহুত ভাল পায়। দক্ষিণ আফ্ৰিকাৰ ক্ৰীড়া আন্তঃগাঁথনি শক্তিশালী আৰু আমি এই সহযোগিতাৰ জৰিয়তে সেই ক্ষমতাক ব্যৱহাৰ কৰিব বিচাৰোঁ। বিশ্ব ক্ৰিকেটলৈ মুম্বাই ইণ্ডিয়ানছৰ এই পদক্ষেপত আমিও সমৃদ্ধ হৈছোঁ আৰু খেলৰ জৰিয়তে আনন্দ বিয়পোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ।”

ৰিলায়েন্স জিঅ’ৰ (Reliance Jio) অধ্যক্ষ আকাশ আম্বানিয়ে (Mr. Akash Ambani) কয়, ‘দক্ষিণ আফ্ৰিকাৰ এই ফ্ৰেঞ্চাইজিৰ জৰিয়তে এতিয়া আমাৰ তিনিখন দেশত তিনিটা টি-২০ দল আছে। আমি ক্ৰিকেট সম্পৰ্কীয় সকলো বিষয়ৰ ওপৰত আমাৰ দক্ষতা আৰু জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাৰ কথাও বিচাৰিছোঁ। আৰু ব্ৰেণ্ড মুম্বাই ইণ্ডিয়ানছে দলটো গঢ়ি তোলাত সহায় কৰিব আৰু অনুৰাগীসকলক ক্ৰিকেটিঙৰ এক সুন্দৰ অভিজ্ঞতা প্ৰদান কৰিব।”
Published by:Gautam Barman
First published: