টি-২০ বিশ্বকাপৰ প্ৰথম কেইখনমান খেলৰ পিছত পাকিস্তান দলটোৱে সুন্দৰ প্ৰদৰ্শন কৰিছিল। প্ৰথম ২ খন মেচত পৰাজিত হোৱাৰ পিছত দলটোৱে পৰৱৰ্তী মেচবোৰত যথেষ্ট গতি লাভ কৰে আৰু ফাইনেলত উপনীত হ'বলৈ সক্ষম হয়। পিচিবিৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত অলৰাউণ্ডাৰ শ্বাদাব খানৰ বিষয়ে আলোচনা হৈছিল। এই অনুষ্ঠানত পাকিস্তানৰ অৱসৰপ্ৰাপ্ত সেনা জেনেৰেল কামাৰ জাভেদ বাজৱাও উপস্থিত আছিল। কাৰ্যসূচীৰ সময়ত তেওঁ শ্বাদাবৰ বিৰুদ্ধে জিম্বাব'ৱেৰ বিৰুদ্ধে খেলখন হৰুওৱাৰ অভিযোগ উত্থাপন কৰিছিল।
আৰ্মী জেনেৰেলজনে কয়,-"টি-২০ৰ ক্ষেত্ৰত শ্বাদাব এজন ভাল খেলুৱৈ। তেওঁ এজন সম্পূৰ্ণ অলৰাউণ্ডাৰ। কিন্তু তেওঁ জিম্বাব'ৱেৰ মেচখনো হৰুৱাইছিল। এটা ছয় মৰাৰ পাছত তেওঁ পৰৱৰ্তী বলটো মৰাৰ প্ৰয়োজন নাছিল।"
শ্বাদাব খানে হাঁহি হাঁহি উত্তৰ দিলে,"মহাশয়, সেইয়াও প্ৰকৃতিৰ এক নিজাম আছিল। মই আউট হোৱাতহে ফাইনেলত উপনীত হৈছিলো।"
উল্লেখ্য যে, এই ভিডিঅ'টো সামাজিক মাধ্যমত ব্যাপকভাবে ভাইৰেল হৈ পৰিছে।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|