মুম্বাই ইণ্ডিয়ানছৰ স্বত্বাধিকাৰী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডে আজি মুম্বাই ইণ্ডিয়ানছ #Onefamilyত যোগদান কৰা দুটা নতুন ফ্ৰেঞ্চাইজিৰ নাম আৰু ব্ৰেণ্ড উন্মোচন কৰে। সংযুক্ত আৰৱ আমীৰশ্বাহীতৰ আন্তঃৰাষ্ট্ৰীয় লীগ টি-২০ত ‘এম আই এমিৰেটছ’ আৰু ক্ৰিকেট দক্ষিণ আফ্ৰিকা টি-২০ লীগত ‘এম আই কেপটাউন’ৰ নাম ঘোষণা কৰা হৈছে। মুম্বাই ইণ্ডিয়ানছৰ উপৰি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ এতিয়া আৰু দুটা টি-২০ দল আছে।
ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সঞ্চালিকা নীতা আম্বানিয়ে কয়, "আমাৰ #Onefamilyত নতুন সংযোজন হৈছে 'এম আই এমিৰেটছ' আৰু 'এম আই কেপ টাউন'। এই দুটা দলক আদৰি লৈ মই অত্যন্ত সুখী। MI ক্ৰিকেট আমাৰ বাবে এটাই পৰিয়াল।"
তেওঁ আৰু কয়, ''মুম্বাই ফ্ৰেঞ্চাইজি আমাৰ বাবে বিশ্বাস আৰু নিৰ্ভৰযোগ্যতাৰ প্ৰতীক। মই নিশ্চিত, এম আই এমিৰেটছ আৰু এম আই কেপটাউন, দুয়োটা দলে টি-২০ ক্ৰিকেটত ভাল প্ৰদৰ্শন কৰিব। এই দুটা নতুন দলে মুম্বাই ইণ্ডিয়ানছৰ বিশ্ব ক্ৰিকেটৰ উত্তৰাধিকাৰক অধিক উচ্চতালৈ লৈ যাব। আমি এই দিশত ইতিবাচক দৃষ্টিভংগী ৰাখিছোঁ।''
তেওঁ কয় যে ‘এম আই এমিৰেটছ’ (MI Emirates) আৰু ‘এম আই কেপটাউন’ (MI Cape Town) এই নামসমূহ বাছি লোৱাৰ এটা কাৰণ আছে, সেয়া হ'ল এইবোৰ নিৰ্দিষ্ট অঞ্চলৰ ফ্ৰেঞ্চাইজি। এই দলসমূহে য’ৰ পৰা খেলিব, সেই ঠাইৰ হিচাপে ইয়াৰ নামকৰণ কৰা হৈছে
ইয়াৰ পূৰ্বে ‘এম আই এমিৰেটছ’ আৰু ‘এম আই কেপটাউন’ৰ নাম আছিল ‘মাই এমিৰেটছ’ আৰু ‘মাই কেপ টাউন’। নীতা আম্বানিয়ে কয় যে এম আই এমিৰেটছ আৰু এম আই কেপটাউন অনুৰাগীসকলৰ বাবে উৎসৰ্গিত।
দুয়োটা নতুন দলে বহন কৰিব আইকনিক মুম্বাই ইণ্ডিয়ানছৰ পৰিচয়। #OneFamilyৰ বিশ্বব্যাপী সম্প্ৰসাৰণৰ ক্ষেত্ৰত আগভাগ লৈছে মুম্বাই ইণ্ডিয়ানছ ফ্ৰেঞ্চাইজিয়ে। অন্যতম জনপ্ৰিয় ক্ৰিকেট দল হিচাপে আত্মপ্ৰকাশ কৰিছে মুম্বাই ইণ্ডিয়ানছে। এতিয়া ই সেই সুনাম সমগ্ৰ বিশ্বতে বিয়পাই দিব বিচাৰে। সেইবাবেই দুটা নতুন টি-২০ দলক লৈ উৎফুল্লিত হৈ পৰিছে ৰিলায়েন্স (Reliance Industries)।
ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে ক্ৰিকেট আৰু ফুটবলৰ ক্ষেত্ৰত আকৰ্ষণীয় অগ্ৰগতি লাভ কৰিছে। ভাৰতীয় ক্ৰীড়াৰ পৰিসৰ বৃদ্ধি কৰাত ৰিলায়েন্সে সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|