চেন্নাই ছুপাৰ কিংছৰ নতুন অধিনায়ক ৰূপে দায়িত্ব দিয়া হৈছে ৰবীন্দ্ৰ জাদেজাক। চেন্নাই চুপাৰ কিংছত নিজৰ এটা অধ্যায় সমাপ্ত কৰি ধোনিয়ে এই দায়িত্ব হস্তান্তৰ কৰে জাদেজালৈ। কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে আজিৰ খেলখনত অধিনায়ক হিচাপে আই পি এলত জাদেজাৰ প্ৰথমখন খেল হ'ব। আৰু প্ৰথমখন খেলত ৩৩ বছৰীয়া তাৰকা অলৰাউণ্ডাৰজনে এক নতুন অভিলেখৰ নিচেই ওচৰত।
ৰবীন্দ্ৰ জাদেজাই (Rabindra Jadeja) এতিয়ালৈকে আই পি এলত মুঠ ৪টা দলৰ হৈ খেলিছে। অভিজ্ঞ অলৰাউণ্ডাৰজনে ৰাজস্থান ৰয়েলছ, চেন্নাই চুপাৰ কিংছ, কোচি টাস্কাৰছ আৰু গুজৰাট লায়ন্সৰ চাৰিটা দলত খেলিছে। জাদেজা হৈছে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা একমাত্ৰ খেলুৱৈ যিয়ে অধিনায়কৰ স্থিতি অবিহনে একাধিক ফ্ৰেঞ্চাইজিত খেলিছে। এয়া প্ৰথমবাৰৰ বাবে জাদেজা চেন্নাই চুপাৰ কিংছৰ অধিনায়ক (Chennai Super Kings) হৈছে।
জাদেজাই এতিয়ালৈকে আই পি এলত ২০০তকৈও অধিক খেল খেলিছে। তেওঁৰ পিছত আছে ৰবীন উথাপ্পা। তেওঁ ১৯৩খন খেল খেলিছে। উল্লেখ্য, জাদেজাক এই বছৰৰ আই পি এলৰ বাবে চিএছকেৰ দ্বাৰা ৰখা হৈছিল। জাদেজাক চেন্নায়ে ১৬ কোটি টকাত ৰাখিছিল।
যোৱাবাৰ আই পি এলৰ ফাইনেলত ২টা দল মিলিত হৈছিল। প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ (Kolkata Knight Riders) মিলিত হৈছিল। ইয়াৰ পূৰ্বে চেন্নাই আৰু কলকাতাই মুঠ ২৬খন খেলত মুখামুখি হৈছিল। চিএছকেই মহেন্দ্ৰ সিং ধোনি (MS Dhoni)ৰ নেতৃত্বত ১৭ বাৰ বিজয়ী হৈছে। আনহাতে, কলকাতা নাইট ৰাইডাৰ্ছে ৮খন মেচ জিকিছে। যোৱা পাঁচখন খেলৰ ৪খনতে জয়ী হৈছিল হালধীয়া জাৰ্চীৰ চিএছকেই।
Published by: Gautam Barman
FIRST PUBLISHED : March 26, 2022, 16:07 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|