உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • Ravichandran Ashwin : ‘এনেকৈ মই আৰু থাকিব নোৱাৰো’’ – কান্দি কান্দি কৈছিল আৰ অশ্বিনৰ পত্নী প্ৰীতিয়ে

    Ravichandran Ashwin : ‘এনেকৈ মই আৰু থাকিব নোৱাৰো’’ – কান্দি কান্দি কৈছিল আৰ অশ্বিনৰ পত্নী প্ৰীতিয়ে

    অশ্বিনৰ পত্নী প্ৰীতিয়ে (Ashwin's wife Priti) সেই সময়ত কি কৰিছিল সেয়া জানি সকলোৱে আচৰিত হ’ব।

    অশ্বিনৰ পত্নী প্ৰীতিয়ে (Ashwin's wife Priti) সেই সময়ত কি কৰিছিল সেয়া জানি সকলোৱে আচৰিত হ’ব।

    অশ্বিনৰ পত্নী প্ৰীতিয়ে (Ashwin's wife Priti) সেই সময়ত কি কৰিছিল সেয়া জানি সকলোৱে আচৰিত হ’ব।

    • Share this:
    বিগত বৰ্ষত ভাৰতীয় ক্ৰিকেট দলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে গাবা টেষ্টত বৃহৎ জয় লাভ কৰিছিল। যিটো ভাৰতীয় ক্ৰিকেট দলৰ অনুৰাগীসকলে বছৰ বছৰ ধৰি মনত ৰাখিব। এয়া ভাৰতীয় টেষ্ট ইতিহাসৰ আটাইতকৈ বৃহৎ জয়ৰ ভিতৰত অন্যতম। বিৰাট কোহলী, মহম্মদ ছামী, জছপ্ৰীত বুমৰাহ আৰু অশ্বিনৰ দৰে ক্ৰিকেটাৰসকলে বিস্মিত কৰিছে সকলোকে। ৩২ বছৰ পিছত কোনো দলে গাবাত অষ্ট্ৰেলিয়াক টেষ্ট ছিৰিজত হৰুৱাইছে। কোনো অভিজ্ঞতাহীন দল অষ্ট্ৰেলিয়াৰ গৰ্ব চূৰ্ণ কৰিছে। এই কাহিনী সকলোৱে জানে। কিন্তু এই সময়তে ৰবিচন্দ্ৰন অশ্বিনৰ (Ravichandran Ashwin) সৈতে এনে কিছু ঘটনা ঘটিছিল, যিটো খুব কম লোকেহে জানে। এটা ক্ৰিকেট শ্ব’ত অশ্বিনে এই বিষয়ে মন্তব্য কৰিছে। অশ্বিনৰ পত্নী প্ৰীতিয়ে (Ashwin's wife Priti) সেই সময়ত কি কৰিছিল সেয়া জানি সকলোৱে আচৰিত হ’ব।

    ভাৰতীয় ক্ৰিকেটাৰ আৰ অশ্বিনে (R Ashwin) বোৰিয়া মজুমদাৰৰ শ্ব’ বেকষ্টেজত দিয়া সাক্ষাৎকাৰত তেওঁৰ পত্নী প্ৰীতিৰ সেই অজানা কাহিনী শ্বেয়াৰ কৰিছে। কোৱাৰেণ্টাইনৰ বাবে কিদৰে অশ্বিনৰ পত্নীয়ে ফেকুৰি ফেকুৰি কান্দি উঠিছিল সেই কথা প্ৰকাস কৰে অশ্বিনে। তেওঁ কয়, ‘‘মোৰ পত্নীয়ে ভালদৰে জানে ভ্ৰমণ কৰা কিমান কষ্টকৰ। তেওঁ বিগত ১০ বছৰ ধৰি এয়া কৰিছে। যেতিয়া আমি ব্ৰিছবেন পাইছিলো তেতিয়া আমাক হোটেলৰ এটা কোঠাত বন্ধ কৰি দিয়া হয়। কোৱা হয় যে আমি বাহিৰলৈ যাব নোৱাৰম। ১০ মিনিট পিছত আমি কন্দা শব্দ শুনিবলৈ পাইছিলো। সেয়া আমাৰ সন্তানৰ কন্দাৰ শব্দ নাছিল। মই গৈ দেখিলো মোৰ পত্নীয়ে কান্দি আছে। তেওঁ নিজৰ আবেগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব পৰা নাছিল।’’

    ভাৰতীয় ক্ৰিকেটাৰ অশ্বিনে আৰু কয়, ‘‘যেতিয়া মই পত্নীক কন্দাৰ কাৰণ সুধিছিলো তেতিয়া তেওঁ মোক কাৰণ ক’ব পৰা নাছিল। তেওঁ কৈছিল মই নাজানো কি হৈছে। মই আৰু হোটেলত বেছি সময় থাকিব নোৱাৰো। তুমি প্ৰেক্টিচলৈ যাবা, মুকলি বতাহত উশাহ ল’বা আৰু আমি এই ঘৰত বন্দী হৈ থাকিবলগীয়া হৈছে। এয়া সঁচাই অমানৱিক হৈছে। এইদৰে মই আৰু থাকিব নোৱাৰো।’’
    Published by:Sanjay Kumar Das
    First published: