মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »সৌৰভ গাংগুলীয়ে নিৰ্বাচন কমিটিৰ বৈঠকত প্ৰৱেশ নিষিদ্ধ কৰিলে প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ!

সৌৰভ গাংগুলীয়ে নিৰ্বাচন কমিটিৰ বৈঠকত প্ৰৱেশ নিষিদ্ধ কৰিলে প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ!

২৩ অক্টোবৰত বিচিচিআইৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিব সৌৰভ গাংগুলীয়ে।

২৩ অক্টোবৰত বিচিচিআইৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিব সৌৰভ গাংগুলীয়ে।

২৩ অক্টোবৰত বিচিচিআইৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিব সৌৰভ গাংগুলীয়ে।

  • Share this:
    ২৩ অক্টোবৰত বিচিচিআইৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিব সৌৰভ গাংগুলীয়ে। দায়িত্ব গ্ৰহণৰ পূৰ্বেই বিচিবিআইক সংস্কাৰমুখী কৰি তুৃলিবলৈ  প্ৰৱৰ্তন কৰিছে কেইবাটাও নতুন নীতি নিৰ্দেশনা।  ভাৰতীয় ক্ৰিকেট দলৰ সৰ্বকালৰ সফল অধিনায়ক সৌৰভ গাংগুলীয়ে  বিচিচিআইৰ অধ্যক্ষৰ দায়িত্ব লোৱাৰ পিছতেই নিৰ্বাচক মণ্ডলীৰ কমিটিৰ বৈঠকত প্ৰশিক্ষক ৰবি শাস্ত্ৰী উপস্থিত থাকিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে।



    দায়িত্ব লোৱাৰ প্ৰাকমুহূৰ্তত সৌৰভ গাংগুলীয়ে লোৱা এনে সিদ্ধান্তৰ পিছতে সমগ্ৰ বিষয়টোৱে সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে।গাংগুলীয়ে এই সিদ্ধান্ত লোধা কমিটিৰ নিৰ্দেশাৱলী মতেহে  লোৱা বুলি মন্তব্য কৰিছে। সৌৰভ গাংগুলীয়ে দায়িত্বভাৰ গ্ৰহণৰ এদিন পিছতে বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব লগীয়া ঘৰুৱা শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হ’ব, কিন্তু এইবাৰ দল নিৰ্বাচন কৰা বৈঠকত বৰ্ডৰ সচিব আৰু দলৰ অধিনায়ক বিৰাট কোহলীহে উপস্থিত থাকিব।

    উল্লেখযোগ্য যে , বৰ্তমান কোন খেলুৱৈক দলত স্থান দিয়া হ’ব সেই সকলো নিজৰ খেয়াল খুচি অনুসৰি অধিনায়ক বিৰাট কোহলী আৰু প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে গ্ৰহণ কৰি আহিছিল বুলি এই অভিযোগ উত্থাপিত হৈ আহিছে। কিন্তু সৌৰভ গাংগুলীয়ে দায়িত্বভাৰ গ্ৰহণৰ পিছতে এই সকলো বোৰ দিশতে বিচিচিআইক সংস্কাৰ কৰা হ’ব বুলি জানিবলৈ দিছে।

    শেহতীয়া বাতৰি