এইবাৰ দুটা পৰ্যায়ত ৰঞ্জি ট্ৰফী ২০২১-২২ অনুষ্ঠিত হৈছে।
এইবাৰ দুটা পৰ্যায়ত ৰঞ্জি ট্ৰফী ২০২১-২২ অনুষ্ঠিত হৈছে।
ভাৰতীয় ক্ৰিকেটৰ 'মেৰুদণ্ড' ('backbone) ৰূপে খ্যাত ৰঞ্জি ট্ৰফী পুনৰ আৰম্ভ হৈছে। ৰঞ্জি ট্ৰফী (Ranji Trophy) দেশৰ ঘৰুৱা প্ৰতিযোগিতালৈ পুনৰ উভতি আহিছে ৭০৬ দিনৰ পিছত। মাৰাত্মক ভাইৰাছ কোভিড-১৯ৰ বাবে প্ৰতিযোগিতাখন দুবছৰ ধৰি অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল।
কোভিড-১৯ৰ তৃতীয় ঢৌৱে একেৰাহে দ্বিতীয় বছৰৰ বাবে দেশৰ মুখ্য ঘৰুৱা প্ৰতিযোগিতাখনৰ প্ৰতি পুনৰ ভাবুকি আনিছিল যদিও সংক্ৰমণ হ্ৰাস হোৱাৰ পিছত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (BCCI) আয়োজনৰ সিদ্ধান্ত লয়। এইবাৰৰ প্ৰতিযোগিতাত ৩৮টা দলে অংশগ্ৰহণ কৰিব। কোভিডৰ বাবে সম্পূৰ্ণ সুৰক্ষামূলক ব্যবস্থাৰ মাজত খেল অনুষ্ঠিত কৰা হ'ব।
প্ৰতিযোগিতাখন দেশৰ ৯টা স্থানত অনুষ্ঠিত হ'ব, য'ত ৯টা বায়' বাবল সৃষ্টি কৰা হৈছে। আনহাতে এই খেলৰ বাবে খেলুৱৈসকলে পাঁচ দিনৰ বাবে বিচ্ছিন্ন হৈ থাকিব লগা হৈছিল, যাৰ বাবে তেওঁলোকে বৃহস্পতিবাৰে আৰম্ভ হোৱা প্ৰথম ৰাউণ্ডৰ খেলৰ আগতে মাত্ৰ দুদিনৰ অনুশীলনৰ সময় পাইছিল।
উল্লেখ্য, এইবাৰ দুটা পৰ্যায়ত ৰঞ্জি ট্ৰফী ২০২১-২২ অনুষ্ঠিত হৈছে। প্ৰথম পৰ্যায়টো ১৭ ফেব্ৰুৱাৰীৰ পৰা ১৫ মাৰ্চলৈ খেলা হ'ব। ইয়াৰ পিছত, আই পি এল ২০২২ আৰম্ভ হ'ব, যাৰ আৰম্ভণি ২৭ মাৰ্চৰ পৰা হোৱাৰ সম্ভাৱনা আছে। ৰঞ্জি ট্ৰফীৰ প্ৰাক-কোৱাৰ্টাৰ ফাইনেলৰ পূৰ্বে ৩টা ৰাউণ্ডত খেল অনুষ্ঠিত হ'ব। প্ৰথম ৰাউণ্ডটো ১৭-২০ ফেব্ৰুৱাৰীৰ ভিতৰত, দ্বিতীয় ৰাউণ্ড ২৪-২৭ ফেব্ৰুৱাৰীৰ পৰা আৰু তৃতীয় ৰাউণ্ড ৩-৬ মাৰ্চৰ ভিতৰত খেলা হ'ব। প্ৰতিযোগিতাখনৰ দ্বিতীয় পৰ্যায়ত নকআউট মেচ অনুষ্ঠিত হ'ব, যিবোৰ আই পি এলৰ পিছত ৩০ মে'ৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|