বিচিচিআইৰ ৰঞ্জী ট্ৰফীত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে অসম দলে। ছিজনৰ প্ৰথম খেলত দিল্লীৰ বিৰুদ্ধে ড্ৰ খেলা অসমে শুকুৰবাৰে পুৱা হায়দৰাবাদৰ বিৰুদ্ধে জয়লাভ সাব্যস্ত কৰে। হায়দৰাবাদৰ বিৰুদ্ধে ১৮ ৰানত জয়ী হয় অসম দল।
চাৰিদিনীয়া ৰঞ্জী ট্ৰফীৰ খেলখনত অসমৰ বিৰুদ্ধে দ্বিতীয় ইনিংছত ২৩১ ৰানত অলআউট হয় ঘৰুৱা দল হায়দৰাবাদ । ইফালে অসম দলৰ জয়ত মূল্যবান অৰিহণা যোগায় অলৰাউন্ডাৰ ৰিয়ান পৰাগে। বেটে বলে উজলি উঠে ৰিয়ান পৰাগ। অসমে দ্বিতীয় ইনিংছত ২৫২ ৰান সংগ্ৰহ কৰে যত ৰিয়ান পৰাগে ৭৮ ৰানৰ বৰঙনি যোগায়। হাইদৰাবাদৰ বিৰুদ্ধে খেলখনত ৮ উইকেট লাভ কৰে ৰিয়ান পৰাগে। প্ৰথম ইনিংছত চাৰিটা উইকেট আৰু দ্বিতীয় ইনিংচত চাৰিটা উইকেট লাভ কৰে স্পীনাৰ ৰিয়ান পৰাগে। ৰঞ্জী ট্ৰফীৰ ছিজনৰ দ্বিতীয় খন খেলত হায়দৰাবাদৰ বিৰুদ্ধে জয়লাভ সাব্যস্ত কৰা অসম দলক অভিনন্দন জনাইছে অসম ক্ৰিকেট সন্থাৰ সভাপতি বিধায়ক তৰংগ গগৈৰ লগতে এপেক্স কাউন্সিলৰ অন্যান্য সদস্য সকলে।
- First Published :