உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • ৰঞ্জী ট্ৰফীত অসমৰ ধাৰাবাহিক ব্যৰ্থতা! মহাৰাষ্ট্ৰৰ পিছত উত্তৰ প্ৰদেশৰ হাততো হ'ল পৰাস্ত

    ৰঞ্জী ট্ৰফীত অসমৰ ধাৰাবাহিক ব্যৰ্থতা! মহাৰাষ্ট্ৰৰ পিছত উত্তৰ প্ৰদেশৰ হাততো হ'ল পৰাস্ত

    অসমৰ বেটছমেনৰ শোচনীয় প্ৰদৰ্শন।

    অসমৰ বেটছমেনৰ শোচনীয় প্ৰদৰ্শন।

    অসমৰ বেটছমেনৰ শোচনীয় প্ৰদৰ্শন।

    • Share this:
    চলিত ৰঞ্জী ট্ৰফীত ক্ৰমাগত দ্বিতীয়খন খেলত পৰাজয়বৰণ কৰে অসম দলে। ছিজনৰ প্ৰথমখন খেলত মহাৰাষ্ট্ৰৰ হাতত ইনিংছ ব্যৱধানত পৰাস্ত হোৱা অসমে দেওবাৰে উত্তৰ প্ৰদেশৰ হাততো ছয় উআকেটত পৰাস্ত হয়।

    হাৰিয়ানাৰ লাহলিত উত্তৰ প্ৰদেশৰ হাতত ছয় উইকেটত পৰাস্ত হয় অসম দলটো। অসমৰ বেটছমেনৰ শোচনীয় প্ৰদৰ্শন। দ্বিতীয় ইনিংছত অসমৰ ৮ গৰাকী বেটছমেনে দহকৰ ঘৰ স্পৰ্শ কৰিব নোৱাৰিলে। দ্বিতীয় ইনিংছত অসমৰ হৈ কেৱল মাত্ৰ অপেনাৰ ঋষভ দাসেহে ৭৩ ৰান সংগ্ৰহ কৰে। এইবাৰৰ ৰঞ্জী ট্ৰফীৰ প্ৰথম দুখন খেলত পৰাস্ত হোৱা অসম দলে এতিয়া ৩ মাৰ্চত গ্ৰুপৰ আনটো শক্তিশালী দল বিদৰ্ভৰ সন্মুখীন হ'ব।

    অসম ক্ৰিকেট সন্থাই অসমৰ খেলুৱৈক যথেষ্ট সুবিধা দিছে। বিচিচিআইৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ বাবেই যথেষ্ট সুবিধা লাভ কৰাৰ পিছতো অসমৰ ক্ৰিকেটাৰ সকলে উন্নত প্ৰদৰ্শন দেখুৱাত ব্যৰ্থ হোৱাত ক্ষোভিত হৈছে ৰাজ্যৰ ক্ৰীড়া প্ৰেমী। সকলোৱে আশা কৰিছে পৰৱৰ্তী খেলত অসমৰ খেলুৱৈ ভাল ফলাফল দেখুৱাব।
    Published by:Himangshu Bhuyan
    First published: