বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / ক্ৰীড়া / Riyan Parag : IPLত ধাৰাবাহিক দুৰ্বল প্ৰদৰ্শনক লৈ তীব্ৰ সমালোচনাৰ মাজতে ৰিয়ান পৰাগৰ টুইট – ‘সময় ভাল হওক বা বেয়া...’

Riyan Parag : IPLত ধাৰাবাহিক দুৰ্বল প্ৰদৰ্শনক লৈ তীব্ৰ সমালোচনাৰ মাজতে ৰিয়ান পৰাগৰ টুইট – ‘সময় ভাল হওক বা বেয়া...’

ৰিয়ান পৰাগে আজি গৃহ চহৰত খেলিব তেওঁৰ IPL কেৰিয়াৰৰ ৫০ সংখ্যক মেচ

ৰিয়ান পৰাগে আজি গৃহ চহৰত খেলিব তেওঁৰ IPL কেৰিয়াৰৰ ৫০ সংখ্যক মেচ

শুকুৰবাৰে আছিল গুজৰাট টাইটানছ (Gujarat Titans) আৰু ৰাজস্থান ৰয়েলছৰ (Rajasthan Royals) মেচ। জয়পুৰৰ স্বামী মন সিং ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল খেলখন।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

IPL 2023ত ধাৰাবাহিকভাৱে দুৰ্বল প্ৰদৰ্শনৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ৰাজস্থান ৰয়েলছৰ খেলুৱৈ তথা অসম সন্তান ৰিয়ান পৰাগ (Riyan Parag)। চলিত আইপিএলত এখন মেচতো ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাই ৰিয়ান। ইখনৰ পিছত সিখন খেলত সুযোগ পোৱাৰ পিছতো সুযোগৰ সদ্ব্যৱহাৰ কৰিব পৰা নাই খেলুৱৈগৰাকীয়ে। প্ৰতিখন মেচতে অনুৰাগীয়ে আশা কৰে ৰিয়ানৰ পৰা এটা ভাল ইনিংছ। কিন্তু প্ৰতিবাৰেই অনুৰাগীৰ আশাত চেঁচাপানী পৰিছে।

বিজ্ঞাপন

শুকুৰবাৰে আছিল গুজৰাট টাইটানছ (Gujarat Titans) আৰু ৰাজস্থান ৰয়েলছৰ (Rajasthan Royals) মেচ। জয়পুৰৰ স্বামী মন সিং ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল খেলখন। টছত জিকি প্ৰথমে বেটিং কৰা ৰাজস্থান ৰয়েলছে অতি দুৰ্বল প্ৰদৰ্শন কৰি ১৭.৫ অভাৰত ১১৮ ৰান কৰিবলৈ সক্ষম হয়। ৰাজস্থান ৰয়েলছৰ ৭ গৰাকীকৈ বেটছমেনে চুব নোৱাৰিলে দহকৰ ঘৰো। সঞ্জু ছেমছনে সৰ্বাধিক ৩০ ৰানৰ বৰঙণি আগবঢ়ায়। খেলখনত গুজৰাট টাইটানছে ১৩.৫ অভাৰতে ৯ উইকেটত জয়লাভ কৰে।

আইপিএলৰ চলিত ছিজন আৰম্ভ হোৱাৰ পূৰ্বে ৰিয়ান পৰাগে টুইট কৰি কৈছিল যে তেওঁৰ বিবেকে কৈছে যে তেওঁ এইবাৰৰ আইপিএলত এটা অভাৰত চাৰিটা ছয় কোবাব। কিন্তু চলিত ছিজনৰ আৰম্ভণিৰে পৰা ক্ৰমাগতভাৱে দুৰ্বল প্ৰদৰ্শন কৰি আহিছে প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে। বৰ্তমানলৈ তেওঁ এই ছিজনত ৬খন মেচত ১০৭.৪০ ষ্ট্ৰাইক ৰেটেৰে সংগ্ৰহ কৰিছে ৫৮ ৰান।

শুকুৰবাৰে অনুষ্ঠিত হোৱা খেলখনত গুজৰাট টাইটানছ বনাম ৰাজস্থান ৰয়েলছৰ খেলখনত অসন সন্তান ৰিয়ানে ৬টা বলত সংগ্ৰহ কৰে মাত্ৰ ৪ ৰান। খেলৰ শেষত ৰিয়ান পৰাগে কৰিছে এটা গুৰুত্বপূৰ্ণ টুইট। টুইটাৰত তেওঁ লিখিছে – ‘‘Waqt acha ho ya bura Guzar he jata hai!’’, অৰ্থাৎ সময় ভালেই হওক বা বেয়া, পাৰ হৈ যায়।

বিজ্ঞাপন
বিজ্ঞাপন

ৰিয়ান পৰাগৰ এই টুইটতো বিভিন্নজনে কমেণ্ট কৰিছে। সুযোগৰ সদ্ব্যৱহাৰ কৰিব নোৱাৰাক লৈ বিভিন্নজনে মন্তব্য কৰিছে ৰিয়ানৰ এই টুইটত। আগলৈ অসম সন্তান ৰিয়ান পৰাগৰ প্ৰদৰ্শন উন্নত হ’ব বুলি আশা কৰিছে ক্ৰিকেট অনুৰাগীয়ে।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন