বিস্ফোৰক অপেনাৰ জোছ বাটলাৰ (Jos Buttler)ৰ দৰ্শনীয় শতকৰ সহায়ত IPL 2022ৰ আজিৰ এখন খেলত প্ৰথমে বেট ধৰি Delhi Capitalsৰ বিৰুদ্ধে ২২২ ৰাণৰ বিশাল স্কোৰ কৰে ৰাজস্থান ৰয়েলছে (Rajasthan Royals)। ২০ অভাৰত দলটোৱে ২টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে এই বিশাল স্কোৰ। উল্লেখ্য যে চলিত ছিজনত এইটো হৈছে যিকোনো দলে কৰা সৰ্বোচ্চ স্কোৰ।
খেলখনত ৰাজস্থান ৰয়েলছৰ অপেনাৰ বেটছমেন জোছ বাটলাৰ ক্ৰমাগত তৃতীয়টো শতক অৰ্জন কৰে। বাটলাৰে ৬৫টা বলত ১১৬ ৰাণ কৰি আউট হয়। এইবাৰ আইপিএলত ৪০০ ৰাণ কৰা প্ৰথমগৰাকী বেটছমেন হ'ল বাটলাৰ। আনহাতে দেৱদত্ত পাড়িক্কলে (Devdutta Padikkal) ৫৪ ৰাণ কৰি আউট হয়। অধিনায়ক বেটছমেন সঞ্জু ছেমছনে (Sanju Samson)ও বিস্ফোৰক বেটিঙেৰে ১৯টা বলত ৪৬ ৰাণ কৰে।
Published by: Manjumoni Borah
FIRST PUBLISHED : April 22, 2022, 22:08 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।