মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »ৰেইন্ড্ৰপছ গুৱাহাটীৰ উদ্যোগত গ্ৰন্থমেলাৰ বাকৰিৰ পৰা ‘পঢ়িব গুৱাহাটী, দৌৰিব গুৱাহাটী’ মাৰাথন সম্পন্ন

ৰেইন্ড্ৰপছ গুৱাহাটীৰ উদ্যোগত গ্ৰন্থমেলাৰ বাকৰিৰ পৰা ‘পঢ়িব গুৱাহাটী, দৌৰিব গুৱাহাটী’ মাৰাথন সম্পন্ন

‘ৰেইন্ড্ৰপছ গুৱাহাটী’এ আয়োজন কৰা এই মাৰাথন দৌৰ ৫ আৰু ১০ কিলোমিটাৰ দূৰত্বলৈকে অনুষ্ঠিত হয়

‘ৰেইন্ড্ৰপছ গুৱাহাটী’এ আয়োজন কৰা এই মাৰাথন দৌৰ ৫ আৰু ১০ কিলোমিটাৰ দূৰত্বলৈকে অনুষ্ঠিত হয়

‘ৰেইন্ড্ৰপছ গুৱাহাটী’এ আয়োজন কৰা এই মাৰাথন দৌৰ ৫ আৰু ১০ কিলোমিটাৰ দূৰত্বলৈকে অনুষ্ঠিত হয়

  • Share this:
আজি চান্দমাৰী অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলাৰ বাকৰিৰ পৰা ‘ৰেইন্ড্ৰপছ গুৱাহাটী’এ ‘পঢ়িব গুৱাহাটী, দৌৰিব গুৱাহাটী’ শীৰ্ষক এক মাৰাথন দৌৰ খেল অনুষ্ঠিত কৰে। ‘ৰেইন্ড্ৰপছ গুৱাহাটী’এ আয়োজন কৰা এই মাৰাথন দৌৰ ৫ আৰু ১০ কিলোমিটাৰ দূৰত্বলৈকে অনুষ্ঠিত হয়।

চান্দমাৰী অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা দীঘলীপুখুৰীলৈ আৰু তাৰ পৰা উভতি পুনৰ খেলপথৰলৈ অহা লৈকে ৫ কিলোমিটাৰ দূৰত্ব ধৰা হয়। খেলপথাৰৰ পৰা লাচিত ঘাট হৈ পুনৰ খেলপথাৰলৈ উভতি অহাসকলক ১০ কিলোমিটাৰৰ বিজয়ী ঘোষণা কৰা হয়। এই দৌৰত অংশগ্ৰহণ কৰা প্ৰতিজন অংশগ্ৰহণকাৰীকে একোখনকৈ মানপত্ৰ আৰু এটা মেডেল প্ৰদান কৰা হয়। অংশগ্ৰহণকাৰীসকলক পোৱাৰ লঘু আহাৰ বিতৰণৰ লগতে স্বাস্থ্য যতনৰ বাবে মেদিচিটিৰ এটা টিম উপস্থিত থাকে। উক্ত মাৰাথনত ২০০ৰো অধিক লোকে অংশগ্ৰহণ কৰা দেখা যায়। এই মাৰাথন দৌৰ পুৱা ৬ বাজি ১৫ মিনিটৰ পৰা আৰম্ভ হয়।

শেহতীয়া বাতৰি