• Home
  • »
  • News
  • »
  • sports
  • »
  • National Games 2022: আহমেদাবাদত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

National Games 2022: আহমেদাবাদত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

আহমেদাবাদত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

আহমেদাবাদত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

গুজৰাটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় খেলৰ আয়োজন কৰা হ’ব। ২৯ ছেপ্টেম্বৰৰ পৰা ১২ অক্টোবৰলৈ চলিব লগা এই ৰাষ্ট্ৰীয় ক্ৰীড়া গুজৰাটৰ ৬ খন চহৰ ক্ৰমে আহমেদাবাদ, গান্ধীনগৰ, চুৰাট, বদোদৰা, ৰাজকোট আৰু ভৱনগৰত অনুষ্ঠিত হ’ব।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে গুজৰাটৰ আহমেদাবাদত অৱস্থিত বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়াম, নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উদ্বোধন কৰে। ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামত সৰ্বাধিক কম বয়সীয়া জনসংখ্যাৰে দেশৰ বাবে সৰ্ববৃহৎ ক্ৰীড়া অনুষ্ঠানৰ আয়োজন কৰা হৈছে।


"২০১৪ চনত দেশত 'first & best' ৰ ছিৰিজ আৰম্ভ হৈছিল। আমাৰ যুৱক-যুৱতীসকলে ক্ৰীড়াতো আগুৱাই লৈ গৈছিল। ৮ বছৰ পূৰ্বে ভাৰতীয় খেলুৱৈসকলে ১০০ তকৈ কম আন্তৰ্জাতিক ক্ৰীড়ানুষ্ঠানত অংশগ্ৰহণ কৰিছিল। এতিয়া, তেওঁলোকে ৩০০ তকৈ অধিক আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়ানুষ্ঠানত অংশগ্ৰহণ কৰিছে।" বুলি প্ৰধানমন্ত্ৰী নিজৰ বক্তব্যত উল্লেখ কৰে।

উদ্বোধনী অনুষ্ঠান উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ দেশৰ সকলো খেলুৱৈক সম্বোধন কৰে। এই অনুষ্ঠানত অলিম্পিয়ান পিভি সিন্ধু, নীৰজ চোপ্ৰা আৰু ৰবি কুমাৰ দহিয়াইও অংশগ্ৰহণ কৰে।


গুজৰাটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় খেলৰ আয়োজন কৰা হ’ব। ২৯ ছেপ্টেম্বৰৰ পৰা ১২ অক্টোবৰলৈ চলিব লগা এই ৰাষ্ট্ৰীয় ক্ৰীড়া গুজৰাটৰ ৬ খন চহৰ ক্ৰমে আহমেদাবাদ, গান্ধীনগৰ, চুৰাট, বদোদৰা, ৰাজকোট আৰু ভৱনগৰত অনুষ্ঠিত হ’ব।

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১৫ হাজাৰ খেলুৱৈ, প্ৰশিক্ষক, বিষয়াই ৩৬টা ক্ৰীড়া শাখাত অংশগ্ৰহণ কৰিব, যাৰ ফলত ই এতিয়ালৈকে সৰ্ববৃহৎ ৰাষ্ট্ৰীয় ক্ৰীড়া হিচাপে পৰিগণিত হ’ব। আহমেদাবাদ, গান্ধীনগৰ, চুৰাট, বদোদৰা, ৰাজকোট, ভৱনগৰ আদি ৬ খন চহৰত আয়োজন কৰা হ’ব এই ক্ৰীড়া প্ৰতিযোগিতা।

গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যখনে "আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ এক শক্তিশালী ক্ৰীড়া আন্তঃগাঁথনি সৃষ্টিৰ যাত্ৰাত নামিছিল, যিয়ে ৰাজ্যখনক অতি কম সময়ৰ ভিতৰতে খেলসমূহৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰিছিল", বুলি মোদীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি