মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »Piyush Hazarika: অসম টেবুল টেনিছ সন্থাৰ সভাপতি ৰূপে নিৰ্বাচিত মন্ত্ৰী পীয়ূষ হাজৰিকা

Piyush Hazarika: অসম টেবুল টেনিছ সন্থাৰ সভাপতি ৰূপে নিৰ্বাচিত মন্ত্ৰী পীয়ূষ হাজৰিকা

মৃগাংক বৰ্মনৰ পদত্যাগৰ পিছত খালী হৈ আছিল সন্থাৰ সভাপতি পদটো।

মৃগাংক বৰ্মনৰ পদত্যাগৰ পিছত খালী হৈ আছিল সন্থাৰ সভাপতি পদটো।

মৃগাংক বৰ্মনৰ পদত্যাগৰ পিছত খালী হৈ আছিল সন্থাৰ সভাপতি পদটো।

  • Share this:

অসম টেবুল টেনিছ সন্থাৰ সভাপতিৰ দায়িত্ব লাভ কৰে জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই। অসম অলিম্পিক সন্থাৰ উপ–সভাপতি পীয়ূষ হাজৰিকাই শনিবাৰে অসম টেবুল টেনিছ সন্থাৰ মুৰব্বীৰ দায়িত্ব গ্ৰহণ কৰে। বিজেপিৰ যুৱ নেতা মৃগাংক বৰ্মনৰ পদত্যাগৰ পিছত খালী হৈ আছিল অসম টেবুল টেনিছ সন্থাৰ সভাপতি পদটো।


শনিবাৰে অসম টেবুল টেনিছ সন্থাৰ বিষয়ববীয়াই আদৰণি জনাই মন্ত্ৰী পীয়ূষ হাজৰিকাক। শনিবাৰে ৱেবিনাৰৰ জৰিয়তে অনুষ্ঠিত হয় টেবুল টেনিছ সন্থাৰ বিশেষ সাধাৰণ সভাখন। এই সভাত ভাৰতীয় টেবুল টেনিছ ফেডাৰেচনৰ পৰ্যবেক্ষকো উপস্থিত আছিল। ৱেবিনাৰখনত সভাপতিত্ব কৰিছিল সন্থাৰ উপ–সভাপতি মুনীন নবিশে। সভাত উপস্থিত আছিল সাঃ সম্পাদক ত্ৰিদীপ দুৱৰা।


জলসম্পদ আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই অসম টেবুল টেনিছ সন্থাৰ সভাপতিৰ দায়িত্ব লাভ কৰি আনন্দিত হৈ পৰে। মন্ত্ৰীগৰাকীয়ে সভাপতিৰ দায়িত্ব লাভৰ পিছত দিয়া ভাষণত ভৱিষ্যতে অসম টেনিছক আগবঢ়াই লৈ যাব বুলি কয়। অসম টেবুল টেনিছ সন্থাৰ সাঃ সম্পাদক ত্ৰিদীপ দুৱৰাই মন্ত্ৰী পীয়ূষ হাজৰিকাক সন্থালৈ আদৰণি জনায়।

শেহতীয়া বাতৰি