পাকিস্তান মহিলা ক্ৰিকেট দলটি-২০ এছিয়া কাপৰ পৰা বাহিৰ হৈছে। বৃহস্পতিবাৰে দ্বিতীয় খন ছেমি ফাইনেলত (Womens Asia Cup 2022-23) এক ৰোমাঞ্চকৰ খেলত শ্ৰীলংকাই তেওঁলোকক এক ৰাণত পৰাস্ত কৰে। অন্তিম অভাৰত, তেওঁলোকক জিকিবলৈ ৯ ৰাণ সংগ্ৰহ কৰিব লগা হৈছিল, কিন্তু বেটছমেনসকলে মাত্ৰ ৭ ৰাণ হে সংগ্ৰহ কৰিব পাৰিছিল। নিদা দাৰ শেষ বলটোত ৰাণ আউট হৈছিল। খেলখনত শ্ৰীলংকাই প্ৰথমে খেলি থাকোতে ৬ উইকেটত ১২২ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তানৰ দলটোৱে ৬ টা উইকেটত মাত্ৰ ১২১ ৰাণ হে সংগ্ৰহ কৰিব পাৰিছিল। ১৫ অক্টোবৰত ফাইনেলত শ্ৰীলংকাই ভাৰতীয় মহিলা দলৰ মুখামুখি হ'ব। ছেমি ফাইনেলত ভাৰতে থাইলেণ্ডক ৭৪ ৰাণত পৰাস্ত কৰে। শ্ৰীলংকাৰ দলটোৱে প্ৰথমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ খেলত প্ৰৱেশ কৰাত সফল হৈছে।
বাওঁহাতৰ ফাষ্ট বলাৰ অচিনি কুলসূৰ্যই পাকিস্তানৰ ইনিংছৰ ২০ তম অভাৰটো বল কৰি আছিল। নিদা দাৰে প্ৰথম বলটোত এটা ৰাণ লৈছিল। দ্বিতীয় বলটোত, আলিয়া ৰিয়াজে লেগ বাইৰ সহায়ত এটা ৰাণ সংগ্ৰহ কৰে। নিদাই তৃতীয় বলটোত ২ ৰাণ সংগ্ৰহ কৰিছিল। চতুৰ্থ আৰু পঞ্চম দুয়োটাতে এটা কৈ ৰাণ সংগ্ৰহ কৰা হৈছিল। এতিয়া পাকিস্তানে জিকিবলৈ ৩ ৰাণ সংগ্ৰহ কৰিব লগা হৈছিল। কিন্তু অন্তিম বলটোত নিদা দাৰে শ্বট খেলি ২ ৰানৰ চেষ্টা চলাওতে ৰান আউট হয়।
Published by: Kokil Sarma
FIRST PUBLISHED : October 13, 2022, 23:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।