এছিয়া কাপৰ পিছত বিশ্বকাপ। এবাৰ এবাৰকৈ দুবাৰ ভাৰতক পৰাস্ত কৰাৰ সুবৰ্ণ সুযোগ হেৰুৱাইছে পাকিস্তান দলে। হাতৰ পৰা বিজয় কাঢ়ি নিলে বিৰাট কোহলীয়ে, সেয়া যেন ড্ৰেছিং ৰুমলৈ গৈও বিশ্বাস হোৱা নাছিল আফ্ৰিদি, হেৰিছ ৰউফৰ। দেওবাৰে মেলবৰ্ণত ভাৰতৰ বিৰুদ্ধে পৰাজয়ৰ পিছত স্বাভাৱিকতে ড্ৰেছিং ৰুমলৈ উভতি গৈ বিধ্বস্ত অৱস্থাত দেখা গৈছিল অধিকাংশ পাকিস্তানী ক্ৰিকেটাৰক।
এই অৱস্থাত দলৰ সদস্যসকলৰ মোনবল বৃদ্ধিৰ দায়িত্ব লয় প্ৰশিক্ষক মেথিউ হেডেন আৰু অধিনায়ক বাবৰ আজমে। ভাৰতৰ সৈতে হোৱা মেচখন পাহৰি আগবাঢ়ি যোৱাৰ বাবে দলৰ সদস্যসকলক পৰামৰ্শ দিলে তেওঁলোকে। পাকিস্তান ক্ৰিকেট দলৰ ফেচবুক পেজত সেই ভিডিঅ’ পোষ্ট কৰা হৈছে।
ভিডিঅ’ত দেখা গৈছে, ভাৰতৰ সৈতে মেচৰ অন্তত পাক ক্ৰিকেটাসকলৰ কোনোৱে মূৰত হাত দিছে, কোনোৱে আকৌ বিধ্বস্ত অৱস্থাত ড্ৰেছিং ৰুমত বহি আচে। দলৰ ক্ৰিকেটাৰসকলৰ মনৰ অৱস্থা বুজিব পাৰি কোচ মেথিউ হেডেনে তেওঁলোকক উদ্দেশ্যি কয়, ‘দুৰ্দান্ত এখন মেচ হৈছে। খেলৰ ফল আমাৰ পক্ষত যোৱা নাই ঠিকে। কিন্তু তাত আমি থমকি নৰওঁ। তোমালোকক লৈ আমি গৰ্বিত।’
ইয়াৰ পিছত পাকিস্তানৰ অধিনায়ক বাবৰ আজমে কয়, ‘দুৰ্দান্ত এখন খেল হৈছে। আমি চেষ্টা কৰিছো। কিছু ভুল হৈছে। সেইবোৰৰ পৰা শিকিব লাগিব। ভাঙি পৰিলে নহ’ব। আৰু ডাঙৰ খেল বাকী আচে। আমি একেলগে জিকিছো, একেলগে হাৰিছো। কোনোৱে যাতে পৰাজয়ৰ বাবে কাৰো প্ৰতি আঙুলি নোতোলে বা নাভাৱে যে মোৰ বাবে পৰাজিত হ’বলগা হ’ল। আমি ঐক্যবদ্ধ হৈ থাকিব লাগিব। দল হিচাপে ভুলবোৰ শুধৰাই ল’ব লাগিব।’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|