মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »Out or Not Out : ভুল সিদ্ধান্তৰ বলি হ'ল হাৰ্দিক পাণ্ডিয়া, হাৰ্দিক পাণ্ডিয়াৰ আউটৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক সামাজিক মাধ্যমত

Out or Not Out : ভুল সিদ্ধান্তৰ বলি হ'ল হাৰ্দিক পাণ্ডিয়া, হাৰ্দিক পাণ্ডিয়াৰ আউটৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক সামাজিক মাধ্যমত

ব'ল্ড হোৱা নাছিল পাণ্ডিয়া, লাথামৰ গ্ল'ভছৰ স্পৰ্শত খহি পৰিছিল বেল্ট

ব'ল্ড হোৱা নাছিল পাণ্ডিয়া, লাথামৰ গ্ল'ভছৰ স্পৰ্শত খহি পৰিছিল বেল্ট

ব'ল্ড হোৱা নাছিল পাণ্ডিয়া, লাথামৰ গ্ল'ভছৰ স্পৰ্শত খহি পৰিছিল বেল্ট

  • Share this:

ভাৰত নিউজিলেণ্ডৰ এদিনীয়া (India and New Zealand ODI) ক্ৰিকেট মেচত ভাৰতীয় অ'পেনাৰ শুভমন গীলৰ বিস্ফোৰক দ্বিশতকে ভাৰতৰ ক্ৰিকেট অনুৰাগীক আনন্দিত কৰাৰ সময়তে ভাৰতীয় অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া (vice-captain Hardik Pandya)ক আউট দিয়া সিদ্ধান্তই যথেষ্ট ক্ষোভিত কৰিছে ক্ৰিকেট অনুৰাগীসকলক।


চতুৰ্থ উইকেটৰ পতনৰ পিছত ক্ৰীজলৈ অহা হাৰ্দিক পাণ্ডিয়াক ৪০তম অভাৰত ডাৰেল মিছেল (Daryll Mitchell)ৰ এটা বলত ব'ল্ড আউটৰ সিদ্ধান্ত দিছিল আম্পায়ৰে। পিছে সন্মুখৰ পৰা দেখাত ব'ল্ড যেন লাগিলেও প্ৰকৃততে নিউজিলেণ্ডৰ উইকেটকীপাৰ টম লাথামৰ গ্লভছৰ স্পৰ্শতহে ষ্টাম্পৰ বেল্ট সৰি পৰিছিল।


পিছত ধাৰাভাষ্যকাৰে ৰিপ্লে দেখুৱাই সেই ভুল উনুকিয়াই দিয়াৰ পিছতেই সামাজিক মাধ্যমত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। শুভমন গীলৰ সৈতে সুন্দৰ সহযোগিতা আগবঢ়াই পাণ্ডিয়াই যথেষ্ট ধীৰ গতিৰে বেটিং কৰিছিল ক্ৰীজত। সততে বিস্ফোৰক ৰূপত দেখিবলৈ পোৱা পাণ্ডিয়াই আজি উইকেট বচাই খেলিবলৈ যত্ন কৰিছিল, যাতে অন্তিম মুহূৰ্তত ভাৰতৰ স্ক'ৰ দ্ৰুতগতিত বৃদ্ধি কৰিব পাৰে।





পিছে ভুল সিদ্ধান্তৰ বলি হৈ নিৰাশ মনেৰে পেভিলয়নলৈ উভতিবলৈ বাধ্য হোৱা পাণ্ডিয়াৰ আউটৰ সিদ্ধান্তই সামাজিক মাধ্যমত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

শেহতীয়া বাতৰি