১৩ নৱেম্বৰৰ দিনটো বিশ্বৰ কোনো ক্ৰিকেটপ্ৰেমীয়ে পাহৰিব নোৱাৰে। আজিৰ দিনটোতে ৫ বছৰ পূৰ্বে কলকাতাৰ ইডেন গাৰ্ডেনত সৃষ্টি হৈছিল ধুমুহাৰ। যি ধুমুহা প্ৰত্যক্ষ কৰিছিল সমগ্ৰ বিশ্বই। এই ধুমুহা তুলিছিল বিস্ফোৰক বেটছমেন ৰোহিত শৰ্মাই। আজিৰ দিনটোতে ২০১৪ চনত ৰোহিত শৰ্মাই ৰচিছিল এদিনীয়া ক্ৰিকেট ইতিহাসৰ সৰ্ববৃহৎ স্ক’ৰৰ অভিলেখ। ৰোহিত শৰ্মাই শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ চতুৰ্থখন মেচত খেলিছিল ২৬৪ ৰানৰ ইনিংছ।
এই ইনিংছটোত ৰোহিত শৰ্মাই ৩৩টা চাৰি আৰু ৯টা ছয় কোবাইছিল। ইমান ছয়–চাৰি গোটেই দলটোৱে কোবোৱা সম্ভৱ নহয়, যিটো হিটমেন ৰোহিত শৰ্মাই অকলেই কৰি দেখুৱাইছিল। এই মেচখনত ভাৰতীয় দলে ১৫৩ ৰানত বৃহৎ ব্যৱধানত জয়ী হৈছিল। শ্ৰীলংকাই ৰোহিত শৰ্মাৰ ব্যক্তিগত স্ক’ৰো স্পৰ্শ কৰিব পৰা নাছিল। খেলখনত শ্ৰীলংকাই সংগ্ৰহ কৰিছিল ২৫১ ৰান।
ঐতিহাসিক এই ইনিংছ খেলাৰ পূৰ্বে অত্যন্ত ভয়ত আছিল ৰোহিত শৰ্মা। পত্নী ৰিতিকাৰ সন্মুখত বৈ আহিছিল কপালৰ ঘাম। এই কথা ৰোহিত শৰ্মাই নিজেই এক সাক্ষাৎকাৰত কৈছিল। ৰোহিতে কৈছিল যে আঘাতৰ পিছত পুনৰ খেলপথাৰলৈ উভতাৰ বাবে এই খেলখনত ভয় খাইছিল তেওঁ।
![]()
সাক্ষাৎকাৰটোত ৰোহিত শৰ্মাই কয় – মই আঘাতৰ পিছত উভতি আহিছিলো, মোৰ পত্নীৰ সন্মুখত ঘাম বৈ আছিল, মই ভাবিছিলো কেনেকৈ খেলিম, কিন্তু খেলি গৈছিলো। যেতিয়া আউট হৈ পেভিলিয়নলৈ উভতি আহিছিলো তেতিয়া প্ৰশিক্ষক ডাংকন ফ্লেচাৰে কৈছিল যে ৩০০ ৰান বনাব পাৰিলাহেঁতেন। মই কৈছিলো ২৬৪ আপুনি কম বুলি ভাবিছে নেকি।
ৰোহিত শৰ্মাই কয় – মই য’লৈকে যাওঁ, মানুহে কয় এদিনীয়াত ৩০০ ৰান বনোৱা। মই কওঁ ৩০০ ৰান খানা খোৱাৰ দৰে কথা নেকি? সন্মুখৰ দলটোৱেও জিকিবলৈ খেলিছে। ভৱিষ্যতে ৩০০ ৰান বনোৱাৰ চেষ্টা কৰিব বুলিও কয় ৰোহিত শৰ্মাই।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|