মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »Mirabai Chanu: শচীন–ছলমানে অভিনন্দন জনালে মীৰাবাই চানুক, দুই তাৰকাই দিলে এই পৰামৰ্শ

Mirabai Chanu: শচীন–ছলমানে অভিনন্দন জনালে মীৰাবাই চানুক, দুই তাৰকাই দিলে এই পৰামৰ্শ

টকিঅ' অলিম্পিকৰ ৰূপৰ পদকটো চুই চালে কিংবদন্তি ক্ৰিকেটাৰগৰাকীয়ে।

টকিঅ' অলিম্পিকৰ ৰূপৰ পদকটো চুই চালে কিংবদন্তি ক্ৰিকেটাৰগৰাকীয়ে।

টকিঅ' অলিম্পিকৰ ৰূপৰ পদকটো চুই চালে কিংবদন্তি ক্ৰিকেটাৰগৰাকীয়ে।

  • Share this:

টকিঅ' অলিম্পিক গেমছত ৰূপৰ পদক অৰ্জন কৰা মণিপুৰৰ ভাৰোত্তোলক ছাইখোম মীৰাবাই চানুক অভিনন্দন জনাইছে বলীউডৰ জনপ্ৰিয় অভিনেতা ছলমান খানে। মুম্বাইৰ বাসগৃহত মণিপুৰৰ গৌৰৱ দেশৰ সম্পদ মীৰাবাই চানুক হিয়া উজাৰি অভিনন্দন জনাই চল্লু ভায়ে। শৈশৱতে ছলমান খানৰ ছবি চাই আনন্দ উপভোগ কৰা মীৰাবায়ে তেওঁৰ জনপ্ৰিয় হিৰোগৰাকীৰ পৰা মৰম লাভ কৰাত আনন্দিত হৈ পৰে।


সম্প্ৰতি মুম্বাই ভ্ৰমণত থকা দেশৰ তাৰকা ভাৰোত্তোলক ছাইখোম মীৰাবাই চানুক ক্ৰিকেটৰ ভগৱান মাষ্টৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰেও অভিনন্দন জনায়। কেৱল অভিনন্দনেই নহয় সদ্যসমাপ্ত টকিঅ' অলিম্পিকৰ ৰূপৰ পদকটো চুই চাই কিংবদন্তি ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰে।


মাষ্টৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ আৰু বলীউডৰ জনপ্ৰিয় অভিনেতা ছলমান খানে মণিপুৰৰ জীয়ৰী ছাইখোম মীৰাবাই চানুক আগন্তুক ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ বাবে শুভেচ্ছা জনাই আৰু কঠোৰ অনুশীলনৰ বাবে পৰামৰ্শ দিয়ে।


উল্লেখযোগ্য যে মীৰাবাই চানুৱে ১৩ আগষ্টত মুম্বাই ভ্ৰমণ সামৰি নতুন দিল্লীত উপস্থিত হ'ব। নতুন দিল্লীৰ লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানৰ লগতে মীৰাবাই চানুৱে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব।

শেহতীয়া বাতৰি