আজি 'দ্য ট্ৰিবিউন'ৰ সৈতে ফোনযোগে হোৱা কথা-বতৰাত টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী বজৰং পুনিয়াই অভিযোগ কৰে যে, "মহিলা মল্লযুঁজাৰুসকলক ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ মুৰব্বীয়ে তেওঁৰ দিল্লীৰ ঘৰলৈ মাতিছিল আৰু তেওঁ পৃষ্ঠপোষকতাকে ধৰি সহায়ৰ প্ৰতিশ্ৰুতি দি তেওঁলোকক স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছিল।
দিল্লীত Wrestling Federation of India ৰ মুৰব্বীগৰাকীৰ বিৰুদ্ধে তিনিদিনীয়া প্ৰতিবাদ সাব্যস্ত কৰা মল্লযুঁজাৰুসকলৰ ভিতৰত আছিল পুনিয়া। "বহুত মহিলা মল্লযুঁজাৰু নিৰ্যাতনৰ সন্মুখীন হৈছে যদিও ডব্লিউ এফ আইৰ মুৰব্বীগৰাকী এজন শক্তিশালী ব্যক্তি হোৱাৰ বাবে তেওঁৰ বিৰুদ্ধে মাত মাতিবলৈ ভয় কৰে। প্ৰশিক্ষণ শিবিৰৰ সময়তো এনে ঘটনা সংঘটিত হৈছিল। মই জানিব পাৰিছো যে কিছুমান প্ৰশিক্ষকো এনে কামত জড়িত আছিল।" বুলি পুনিয়াই অভিযোগ উত্থাপন কৰে।
তেওঁ অভিযোগ কৰে যে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহৰ বাবেও নিৰ্বাচন “প্ৰভাৱিত” হৈছিল আৰু যোৱা বছৰ এগৰাকী মহিলা মল্লযুঁজাৰুৱে দুবাৰকৈ নিৰ্বাচন পৰীক্ষা কৰিবলৈ বাধ্য হৈছিল। “তেওঁ প্ৰথম পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও পিছদিনা তেওঁক দ্বিতীয় বিচাৰত পুনৰ হাজিৰ হ’বলৈ কোৱা হৈছিল। সেইবাৰত তেওঁ পৰাজয় হৈছিল আৰু তেওঁৰ নামটো আঁতৰাই দিয়া হৈছিল।’- বুলি পুনিয়াই উল্লেখ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|