মহিলা প্ৰিমিয়াৰ লীগৰ (WPL2023) উদ্বোধনী মেচত মুম্বাই ইণ্ডিয়ানছৰ দুৰন্ত আৰম্ভণি। গুজৰাট টাইটানছৰ বিৰুদ্ধে প্ৰথমখন মেচত ১৪৩ ৰানৰ অভিলেখ ব্যৱধানত জয়লাভ কৰে হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছে। প্ৰথমে বেটিং কৰি মুম্বায়ে ২০৭ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত ৬৪ ৰানত গুজৰাটৰ ইনিংছ সমাপ্ত হয়।
মুম্বাই ইণ্ডিয়ানছে বেট আৰু বলত অল ৰাউণ্ড প্ৰদৰ্শন কৰি প্ৰথমখন মেচতে চেম্পিয়নশ্বিপৰ অন্যতম প্ৰতিদ্বন্দ্বী প্ৰমাণিত কৰিছে বুলি ধাৰণ কৰিব পাৰি। প্ৰথমখন খেলতে খেলপথাৰত বহি থকা দলটোৰ জয় উপভোগ কৰে মুম্বাই ইণ্ডিয়ানছৰ কৰ্ণধাৰ নীতা আম্বানীয়ে। তেওঁ মহিলাৰ আই পি এলক মহিলা ক্ৰিকেটৰ বাবে এক ঐতিহাসিক দিন বুলি অভিহিত কৰে।
মেচৰ পিছত দিয়া এক সাক্ষাৎকাৰত নীতা আম্বানীয়ে কয়, "মহিলা ক্ৰিকেটৰ বাবে এটা স্মৰণীয় আৰু ঐতিহাসিক দিন। ডব্লিউ পি এলৰ অংশ হোৱাটো ৰোমাঞ্চকৰ। মই অতি সুখী।" নীতা আম্বানীয়ে (Nita Ambani) বিশ্বাস কৰে যে এই প্ৰতিযোগিতাই দেশত মহিলা ক্ৰিকেটৰ প্ৰতি আগ্ৰহ আৰু উৎসাহ বৃদ্ধি কৰিব। তেওঁ কয়, "মই আশা কৰিছোঁ যে ইয়াৰ ফলত সমগ্ৰ দেশৰ উদীয়ামান মহিলাৰ মাজত ক্ৰীড়াৰ প্ৰতি আগ্ৰহ আৰু অধিক বৃদ্ধি পাব। ই তেওঁলোকক নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ আৰু সম্পূৰ্ণ হৃদয়েৰে অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিব।"
প্ৰথমখন খেলত নিজৰ দল মুম্বাই ইণ্ডিয়ানছৰ প্ৰদৰ্শনক লৈও উৎফুল্লিত হৈ পৰিছে নীতা আম্বানী। তেওঁ কয়, "মুম্বাই ইণ্ডিয়ানসকলে এনে নিৰ্ভীক আৰু ৰোমাঞ্চকৰ ক্ৰিকেট খেলি ভাল পায় আৰু ইয়াৰ বাবেই পৰিচিত। আমাৰ ছোৱালীবোৰে আজি বহুত ভাল প্ৰদৰ্শন আগবঢ়াইছিল। তেওঁলোকে খেলাৰ ধৰণটোক লৈ মই অতি গৌৰৱান্বিত। আমাৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে বহুত ভাল খেলিছিল। তেওঁ বিশেষ ইনিংছ খেলিছিল।" 'আমেলিয়া কেৰ' আছিল অসাধাৰণ, তেওঁ ভাল বেটিং কৰিছিল, ভাল বল কৰিছিল। দল হিচাপে আমি আমাৰ শ্ৰেষ্ঠখিনি দিলোঁ আৰু সফলতা লাভ কৰিলোঁ।'
প্ৰথমখন খেলত মুম্বাই ইণ্ডিয়ানছৰ কৰ্ণধাৰগৰাকীয়ে খেলপথাৰত ভিৰ দেখি আনন্দিত হৈ পৰে। তেওঁ প্ৰকাশ কৰে- 'ষ্টেডিয়ামত বৃহৎ সংখ্যক দৰ্শকক দেখা পাই বৰ ভাল লাগিল। মহিলাৰ দলটোক সমৰ্থন কৰিবলৈ পুৰুষ আৰু মহিলা উভয় দৰ্শকে বৃহৎ সংখ্যাত আহিছিল। ই অতি ইতিবাচক কথা।" শ্ৰীমতী নীতা আম্বানীয়ে দলটোৰ অনুৰাগী সেনা মি পল্টনৰ বাবে এক বিশেষ বাৰ্তা যোগ কৰি কয় যে, "আহক আমি আমাৰ দলটোক সমৰ্থন কৰো। আহক আমি মহিলাৰ শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি কৰোঁ।" ইয়াৰ উপৰি মহিলা প্ৰিমিয়াৰ লীগৰ সকলো দলকে অভিনন্দন জ্ঞাপন কৰে নীতা আম্বানীয়ে।
Published by: Gautam Barman
FIRST PUBLISHED : March 05, 2023, 21:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।