টকিঅ' অলিম্পিকত ঘটা এটা ঘটনাৰ অপব্যাখ্যাক লৈ সোণৰ পদক বিজয়ী অলিম্পিয়ান নীৰজ চোপ্ৰাই অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে। জেভেলিন থ্ৰ'ৱাৰ নিৰজ চোপ্ৰাৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল, য'ত তেওঁক পাকিস্তানৰ খেলুৱৈ আৰ্শাদ নাদিমৰ পৰা এপাট যাঠী লোৱা দেখা গৈছিল।
এই প্ৰসংগতে শেহতীয়া এক সাক্ষাৎকাৰত নীৰজ চোপ্ৰাই কৈছিল যে তেওঁৰ নিজৰ জেভলিন বিচাৰি পোৱাত পলম হোৱাৰ বাবে খৰখেদাকৈ তেওঁৰ প্ৰথম থ্ৰো দলিয়াব লগা হৈছিল। পিছত দেখা গৈছিল এই জেভলিনপাট দুৰ্ঘটনাক্ৰমে পাকিস্তানী খেলুৱৈ আৰ্শাদৰ হাতত আছিল।
কিন্তু এই কথাক লৈয়ে ছ'চিয়েল মিডিয়াত পাকিস্তানী জেভলিন থ্ৰ'ৱাৰ আৰ্শাদ বেয়াকৈ ট্ৰ'লৰ সন্মুখীন হয়। কোনোৱে পাকিস্তানী খেলুৱৈজনে ইচ্ছাকৃতভাৱে এনে কৰা বুলি উল্লেখ কৰাৰ লগতে চলচ্চিত্ৰ নিৰ্মাতা অশোক পণ্ডিত পৰ্যন্ত ভিডিঅ'টো শ্বেয়াৰ কৰি লিখিছিল যে খেলপথাৰতো এই পাকিস্তানীসকলে তেওঁলোকৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৰা আঁতৰি নাযায়!
এনে পৰিপ্ৰেক্ষিতত অলিম্পিয়ান নীৰজ চোপ্ৰাই বৃহস্পতিবাৰে টুইটাৰত এটা ভিডিঅ' শ্বেয়াৰ কৰি ঘটনাটোৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি লিখিছে– 'মই আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ যে মোৰ মন্তব্যবোৰ আপোনালোকৰ নিজা বেয়া এজেণ্ডা অনুসৰি ব্যৱহাৰ নকৰিব। ক্ৰীড়াই আমাক সকলোকে একেলগে থাকিবলৈ শিকায় আৰু মন্তব্য কৰাৰ আগতে খেলৰ নিয়মবোৰ জনাটো গুৰুত্বপূৰ্ণ।'
मेरी आप सभी से विनती है की मेरे comments को अपने गंदे एजेंडा को आगे बढ़ाने का माध्यम न बनाए। Sports हम सबको एकजूट होकर साथ रहना सिखाता हैं और कमेंट करने से पहले खेल के रूल्स जानना जरूरी होता है ?? pic.twitter.com/RLv96FZTd2
— Neeraj Chopra (@Neeraj_chopra1) August 26, 2021
উল্লেখ্য, সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত নীৰজ চোপ্ৰাই কৈছিল– "ফাইনেলৰ আৰম্ভণিতে মই মোৰ যাঠীপাট বিচাৰি পোৱা নাছিলো। হঠাতে, মই পাকিস্তানী খেলুৱৈজনৰ হাতত এয়া দেখো। সেয়ে মই তেওঁক ক'লোঁ- ভাই এই জেভলিনপাট মোৰ, মোক দিয়ক। তেওঁ ততালিকে মোৰ জেভলিন ঘূৰাই দিছিল।' ইয়াৰ পিছতে নীৰজৰ মন্তব্যৰ আলম লৈ পাকিস্তানী খেলুৱৈগৰাকীক তীব্ৰ ভৰ্ৎসনা কৰাত নীৰজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|