হাৰিয়ানাৰ হিছাৰত চলি থকা পঞ্চম ৰাষ্ট্ৰীয় মহিলা এলিট বক্সিঙত অসমৰ তাৰকা বক্সাৰ যমুনা বড়ো আৰু অংকুশিতা বড়োৱে ব্ৰঞ্জৰ পদক লাভ কৰে। মঙলবাৰৰ ৫৪ কেজি শাখাৰ ছেমি ফাইনেলত পূৰ্বৰ আইবা বিশ্ব বক্সিঙৰ ব্ৰঞ্জৰ পদক বিজয়ী যমুনা বড়োৱে প্ৰতিপক্ষ হাৰিয়ানাৰ খেলুৱৈৰ হাতত পৰাজিত হয়। আন গৰাকী অসমৰ সফল খেলুৱৈ জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুশিতা বড়োৱেও ৬৬ কেজিৰ ছেমি ফাইনূলত নতুন দিল্লীৰ খেলুৱৈ অঞ্জনা টুটিৰ হাতত পৰাস্ত হয়। অংকুশিতা বড়োৰ পৰাজয় কিন্ত সহজ ভাৱে মানি লোৱা নাই তেওৰ প্ৰশিক্ষক স্বামী ত্ৰিদিপ বৰাই। খেলৰ শেষত আপত্তি দৰ্শাই কমিটিক অভিযোগ দিয়ে প্ৰশিক্ষক ত্ৰিদিপ বৰাই। ইফালে অসমৰে আন গৰাকী বিশ্ব বক্সিঙৰ ব্ৰঞ্জৰ পদক বিজয়ী ভাগ্যৱতী কছাৰীয়ে পাচদিনীয়া ৰাষ্ট্ৰীয় মহিলা বক্সিঙৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাগ্যৱতী কছাৰীয়ে বুধবাৰে স্বৰ্ণপদকৰ বাবে যুজ দিব। তাত সফল হলেই তেও আইবা বিশ্ব বক্সিঙলৈ যোগ্যতা অৰ্জন কৰিব। ঢেকিয়াজুলিৰ সন্তান যমুনা আৰু অংকুশিতাৰ সফলতাত উৎফুল্লিত স্থানীয় বিধায়ক তথা মন্ত্ৰী অংশোক সিংঘাল।
Published by: Kokil Sarma
FIRST PUBLISHED : October 26, 2021, 20:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।