কামৰূপ মেট্ৰ'ৰ টেপেচীয়াত অনুষ্ঠিত হ'বলৈ গৈ আছে নেচনেল ট্ৰেক চেম্পিয়নশ্বিপ ২০২২। এই চাইক্লিং প্ৰতিযোগিতা অনুষ্ঠিত হ'ব জুনিয়ৰ, ছাব জুনিয়ৰ আৰু ছিনিয়ৰ কেটেগ'ৰীত।
আজি ছাই (SAI) ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত সংবাদ মেল সম্বোধন কৰে অসম চাইক্লিং এছ'চিয়েচনে।
এই প্ৰতিযোগিতাৰ থীম ছং মুকলি কৰিব অলিম্পিক মেডেলজয়ী লাভলীনা বৰগোহাঁয়ে। ১১ৰ পৰা ১৫ ডিচেম্বৰলৈ চলিব এই নেচনেল চাইক্লিং চেম্পিয়নশ্বিপ।
ভাৰতৰ ভিতৰতেই উত্তৰ-পূবত প্ৰথমবাৰৰ বাবে সোণাপুৰৰ ভেল'ড্ৰ'ম টেপেচিয়াত অনুষ্ঠিত হ'ব এই চেম্পিয়নশ্বিপ। দেশৰ ২৮খন ৰাজ্যৰ খেলুৱৈয়ে অংশ ল'ব এই চেম্পিয়নশ্বিপত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।