• Home
  • »
  • News
  • »
  • sports
  • »
  • ৰাষ্ট্ৰীয় ক্ৰীড়া ২০২২: অসমৰ লনবল দল উপস্থিত হ’ল গুজৰাটত , লক্ষ্য স্বৰ্ণপদক

ৰাষ্ট্ৰীয় ক্ৰীড়া ২০২২: অসমৰ লনবল দল উপস্থিত হ’ল গুজৰাটত , লক্ষ্য স্বৰ্ণপদক

২৯ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া।

২৯ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া।

২৯ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া।

  • Share this:
আগন্তুক ২৯ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা। প্ৰায় ১৪ দিনীয়াকৈ অনুষ্ঠিত দেশৰ সম্মানীয় এই ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ইতিমধ্যে গুজৰাটত গৈ উপস্থিত হৈছে অসমৰ লনবল দলৰ লগতে চীফ দ্যা মিছন ৰাজ কাকতি আৰু আন কেবাজনো বিষয়ববীয়া। অসম লন বল দলটোত আছে কমনৱেলথ গেমছৰ স্বৰ্ণজয়ী নয়নমনি শইকীয়াৰ উপৰি আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ টানিয়া চৌধুৰী, বনগিতা হাজৰিকা, মৃদুল বৰগোহাঁইৰ লগতে আন কেবাজনো।

অসমৰ খেলুৱৈ সকলে ২০০৭ চন, ২০১১ চন আৰু ২০১৫ চনৰ নেছনেল গেমছতো উন্নত ফলাফল দাঙি ধৰিছিল। ঠিক তেনেদৰে এইবাৰো গুজৰাটৰ ৰাষ্ট্ৰীয় ক্ৰীড়াতো সফল হোৱাৰ মনোকামনা ও দৃঢ় প্ৰতিজ্ঞ হৈছে  অসমৰ সফল খেলুৱৈসকলে। উল্লেখযোগ্য যে, অসম অলিম্পিক সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নয়নমনি শইকীয়াক উক্ত খেলৰ বাবে অলিম্পিকৰ কীট প্ৰদান কৰে । ইতিমধ্যে দেওবাৰে অসমৰ লনবল আৰু চাইক্লিং দলটোৱে নেছনেল গেমছৰ বাবে ক্ৰমে গুজৰাট আৰু নতুন দিল্লী অভিমুখে ৰাওনা হৈছে। খেলুৱৈসকলকলৈ আশাবাদী অসমবাসী।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি