উত্তৰ-পূৰ্বাঞ্চলভিত্তিত অনুষ্ঠিত মহিলাৰ ছিনিয়ৰ শাখাত উশ্বু লীগত ৰূপৰ পদক লাভ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে বৰভাগৰ যুৱতী দীপামণি কলিতাই। ২২ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ ভাৰত চৰকাৰৰ যুৱ আৰু ক্ৰীড়া কল্যাণ বিভাগৰ অধীনস্থ সংস্থা খেলো ইণ্ডিয়াৰ উদ্যোগত মণিপুৰত অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চল ভিত্তিক প্ৰতিযোগিতাত এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে দীপামণি কলিতাই।
উল্লেখ্য যে বৰভাগ মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত অধ্যয়নৰত ছাত্ৰী দীপামণিয়ে ইয়াৰ পূৰ্বেও টাইকোৱান-ডো, কুংফু, কেৰাটে আদিকে ধৰি বিভিন্ন খেলত অংশগ্ৰহণ কৰি পদক লাভ কৰিবলৈ সক্ষম হৈছিল।
![]()
সম্প্ৰতি উশ্বু খেলৰ জৰিয়তে নিজকে এগৰাকী সুদক্ষ খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰাৰ সপোন দেখা পিতৃহীনা দীপামণিয়ে আৰ্থিক দীনতাৰ মাজেৰে চলাই নিব লগা হৈছে নিজৰ সংগ্ৰাম। স্থানীয় বিধায়ক তথা ক্ৰীড়া বিভাগক আৰ্থিক সাহায্যৰ বাবে আবেদন জনায়ো সঁহাৰি নোপোৱা যুৱ খেলুৱৈ দীপামণিয়ে হাতযোৰ কৰি চৰকাৰৰ পৰা এতিয়া বিচাৰিছে সহায়ৰ হাত।
উল্লেখ্য যে উক্ত প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি ৬২ গৰাকী প্ৰতিযোগীয়ে লৈছিল অংশ। আৰু ৪২ গৰাকী প্ৰতিযোগীয়ে লাভ কৰিছে পদক। ইয়াৰ ভিতৰত ১৮ গৰাকীয়ে ৰূপৰ পদক, ৬ গৰাকীয়ে সোণৰ পদক আৰু ১৮ গৰাকীয়ে ব্ৰঞ্জৰ পদক আনি অসমৰ নাম উজলাবলৈ সক্ষম হৈছে। প্ৰশ্ন হৈছে খেলুৱৈগৰাকীক উৎসাহ যোগাবলৈ সময় হ'বনে সংশ্লিষ্ট বিভাগ, চৰকাৰ কিম্বা স্থানীয় বিধায়কৰ, নে কলিতে মৰহি যাব এটি সম্ভাৱনা।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|