உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • Mushtaq Ali Trophy: মুস্তাক আলি ট্ৰফী টি-২০ত লীগৰ পৰাই নক আউট অসম দল, ৰিয়ান পৰাগ আছিল নেতৃত্বত

    Mushtaq Ali Trophy: মুস্তাক আলি ট্ৰফী টি-২০ত লীগৰ পৰাই নক আউট অসম দল, ৰিয়ান পৰাগ আছিল নেতৃত্বত

    ছয়টা দল থকা গ্ৰুপত পঞ্চম স্থান লাভ অসমৰ।

    ছয়টা দল থকা গ্ৰুপত পঞ্চম স্থান লাভ অসমৰ।

    ছয়টা দল থকা গ্ৰুপত পঞ্চম স্থান লাভ অসমৰ।

    • Share this:

    ছীজনৰ প্ৰথম প্ৰতিযোগিতাতে উজুটি খালে অসমৰ ছিনিয়ৰ ক্ৰিকেট দলে। বিচিচিআইৰ অধীনৰ সৰ্বভাৰতীয় টী-২০ৰ ছৈয়দ মুস্তাক আলি ক্ৰিকেটৰ লীগৰ পৰাই নক আউট হ'ল অসম দল।


    দেশৰ বিভিন্ন ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এই টি-২০ প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ ডি গ্ৰুপত থকা অসম দলে নতুন দিল্লীৰ অৰুণ জেঠলী ষ্টেডিয়ামৰ পাঁচখনকৈ লীগৰ খেলত অংশ লৈছিল, য'ত গুজৰাট আৰু বিহাৰ দলৰ বিৰুদ্ধে জয়লাভ কৰাৰ উপৰি মধ্য প্ৰদেশ, কেৰালা আৰু ৰে'লৱেৰ হাতত পৰাজিত হৈ গ্ৰুপত পঞ্চম স্থানেৰে প্ৰতিযোগিতাৰ পৰা বিদায় লয়।


    এই প্ৰতিযোগিতাত অসমৰ অধিনায়ক ৰিয়ান পৰাগে বিহাৰৰ বিৰুদ্ধে মাত্ৰ এটা অৰ্ধশতৰানৰ ইনিংছ খেলে, তেওঁৰ বাহিৰে কোনো এগৰাকী খেলুৱৈয়ে ভাল ইনিংছ খেলিব নোৱাৰিলে। সমান্তৰালভাৱে অসমৰ এগৰাকী বলাৰেও এখন খেলত ৫ উইকেট দখল কৰিব নোৱাৰিলে।


    বিচিচিআইৰ অধীনৰ ছৈয়দ মুস্তাক আলি টী-২০ৰ খেলত 'এ' গ্ৰুপত তামিলনাডু, মহাৰাষ্ট্ৰ, 'বি' গ্ৰুপত বংগ, কৰ্ণাটক, 'চি' গ্ৰুপত ৰাজস্থান, হিমাচল প্ৰদেশ, 'ডি' গ্ৰুপত গুজৰাট, কেৰালা, 'ই' গ্ৰুপত হাইদৰাবাদ, সৌৰাষ্ট্ৰ আৰু 'প্লেট' গ্ৰুপত বিদৰ্ভই উন্নত খেল প্ৰদৰ্শন কৰে।

    Published by:Gautam Barman
    First published: