• Home
  • »
  • News
  • »
  • sports
  • »
  • RR vs MI: আইপিএলত দ্বিতীয়বাৰলৈ পৰাজয় হ'লেও মুম্বাইৰ ইণ্ডিয়ানছৰ তিলক বাৰ্মাই ৰচিলে ইতিহাস

RR vs MI: আইপিএলত দ্বিতীয়বাৰলৈ পৰাজয় হ'লেও মুম্বাইৰ ইণ্ডিয়ানছৰ তিলক বাৰ্মাই ৰচিলে ইতিহাস

ৰেকৰ্ডটো ঈশান কিষাণৰ নামত আছিল, যিয়ে ২০১৮ চনৰ IPLত ১৯ বছৰ আৰু ২৭৮ দিনত অৰ্ধশতক অৰ্জন কৰিছিল,

ৰেকৰ্ডটো ঈশান কিষাণৰ নামত আছিল, যিয়ে ২০১৮ চনৰ IPLত ১৯ বছৰ আৰু ২৭৮ দিনত অৰ্ধশতক অৰ্জন কৰিছিল,

ৰেকৰ্ডটো ঈশান কিষাণৰ নামত আছিল, যিয়ে ২০১৮ চনৰ IPLত ১৯ বছৰ আৰু ২৭৮ দিনত অৰ্ধশতক অৰ্জন কৰিছিল,

  • Share this:
চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (IPL 2022) মুম্বাই ইণ্ডিয়ানছে দ্বিতীয়বাৰৰ বাবে পৰাজয় স্বীকাৰ কৰিব লগা হৈছে। যদিও মুম্বাইৰ যুৱ খেলুৱৈসকলক যথেষ্ট ছন্দ আৰু ফৰ্মত দেখা গৈছিল তথাপি শনিবাৰে খেলা খেলখনত ৰাজস্থান ৰয়েলছে মুম্বাইক ২৩ ৰানত পৰাস্ত কৰি তেওঁলোকৰ দ্বিতীয় বিজয় সুৰক্ষিত কৰে। ৰাজস্থান ৰয়েলছৰ জোছ বাটলাৰৰ চলিত IPLৰ প্ৰথমটো চেঞ্চুৰীৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি দলটোৱে ৮ উইকেটৰ বিনিময়ত বান্ধি দিয়া ১৯৩ ৰানৰ লক্ষ্য অতিক্ৰম কৰাটো মুম্বাইৰ বাবে সম্ভৱ নহ'ল।

৮ উইকেট হেৰুৱাই মুম্বায়ে ১৭০ ৰানতে সমাপ্ত কৰিব লগা হয় খেল। কিন্তু এই খেলখনত মুম্বাইৰ তিলক বাৰ্মাই (Tilak Varma makes half century) মুম্বাইৰ পৰাজয়ৰ পিছতো হৃদয় জয় কৰিছিল। তিলক বাৰ্মাই দুটা উইকেটৰ পতনৰ পিছত খেলপথাৰলৈ আহিছিল আৰু ৩৩টা বলত তিনিটা চাৰি আৰু পাঁচটা ছয়েৰে ৬১ ৰাণ কৰে। এই অৰ্ধশতকৰ সৈতে তিলক বাৰ্মাই ঈশান কিষাণৰ পুৰণি অভিলেখ ভংগ কৰে।



এতিয়া তিলক বাৰ্মা (Tilak Varma) আই পি এলৰ ইতিহাসত অৰ্ধশতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হৈ পৰিছে। তিলকে ১৯ বছৰ আৰু ১৪৫ দিন বয়সত এই কৃতিত্ব অৰ্জন কৰে মুম্বাই ইণ্ডিয়ানছৰ হৈ। ইয়াৰ পূৰ্বে ৰেকৰ্ডটো ঈশান কিষাণৰ নামত আছিল, যিয়ে ২০১৮ চনৰ IPLত ১৯ বছৰ আৰু ২৭৮ দিনত অৰ্ধশতক অৰ্জন কৰিছিল, কিন্তু এতিয়া তিলক বাৰ্মাই তেওঁক দ্বিতীয় নম্বৰলৈ পিছুৱাই দিলে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি