ক্ৰিকেটৰ পৰা অৱসৰক লৈ বৰ্তমান চৰ্চাত আছে মহেন্দ্ৰ সিং ধোনী। সৌৰভ গাংগুলীয়ে বিচিচিআইৰ অধ্যক্ষ পদত অধিষ্ঠিত হোৱাৰ পিছৰে পৰা ধোনীৰ অৱসৰক লৈ চলিছে অধিক চৰ্চা। শেহতীয়াকৈ ধোনীৰ এক গুৰুত্বপূৰ্ণ খবৰ পোহৰলৈ আহিছে। খবৰ অনুসৰি, এম এছ ধোনীয়ে নিজৰ চহৰ ৰাঁচীত এখন ক্ৰিকেট একাডেমী খোলাৰ পৰিকল্পনা কৰি আছে।
হিন্দুস্তান টাইমছৰ খবৰ অনুসৰি, এম এছ ধোনীয়ে ৰাঁচীত ক্ৰিকেট একাডেমী খুলিব। যাতে চহৰখনৰ যুৱ ক্ৰিকেটাৰসকলে নিজৰ ক্ৰিকেটৰ কৌশলসমূহ শিকাত সহায়ক হয়।
ৰিপ’ৰ্ট অনুসৰি, ধোনীৰ ল’ৰালি কালৰ বন্ধু মিহিৰ দিৱাকৰৰ কোম্পানী আৰ্কা স্প’ৰ্টছে ধোনীৰ ক্ৰিকেট একাডেমীৰ বাবে মাটি বিচৰা আৰম্ভ কৰিছে। সকলো পৰিকল্পনা মতেই হ’লে কিছু বছৰৰ ভিতৰতে ৰাঁচীত ধোনীৰ ক্ৰিকেট একাডেমী মুকলি হ’ব।
উল্লেখযোগ্য যে ধোনীৰ ক্ৰিকেট একাডেমী দেশৰ কেইবাখনো চহৰত ইতিমধ্যে খোলা হৈছে। ৩৮ বছৰীয়া ধোনীয়ে শেহতীয়াকৈ ইন্দোৰত খুলিছে এখন ক্ৰিকেট একাডেমী। কিছুদিনৰ ভিতৰতে শিলিগুৰিতো এখন একাডেমী খুলিব ধোনীয়ে। তদুপৰি, পাটনা, বোকাৰো, নাগপুৰ, লক্ষ্ণৌ আৰু বাৰাণসীতো আছে ধোনীৰ ক্ৰিকেট একাডেমী।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|