বিশ্বকাপৰ পিছৰে পৰা খেলপথাৰৰ পৰা আঁতৰি আছে মহেন্দ্ৰ সিং ধোনী। ইয়াৰ মাজতে টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰে ধোনীক লৈ কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য। গাভাস্কাৰে কয় যে এতিয়া এম এছ ধোনীক সম্পূৰ্ণৰূপে বিৰতি দিয়াৰ সময় হৈছে। গাভাস্কাৰৰ মতে, ধোনীৰ সময় সম্পূৰ্ণ হৈছে আৰু এতিয়া তেওঁ আগলৈ চোৱা প্ৰয়োজন।
গাভাস্কাৰে এটা টেলিভিচন চেনেলৰ সৈতে হোৱা বাৰ্তালাপত কয় – মই সন্মানসহকাৰে ক’ব বিচাৰো যে এম এছ ধনীৰ সময় সম্পূৰ্ণ হৈছে। ভাৰতে এতিয়া আগলৈ চোৱা উচিত। অৱশ্যে ধোনীক দলৰ পৰা বাহিৰ কৰাৰ পূৰ্বে বিদায় মেচত লাভ কৰাটো উচিত।
উল্লেখযোগ্য যে বিশ্বকাপৰ পিছতে ধোনীয়ে ক্ৰিকেটৰ পৰা সন্যাস ল’ব বুলি খবৰ ওলাইছিল। কিন্তু মুখ্য নিৰ্বাচক এম এছ কে প্ৰসাদে স্পষ্ট কৰি দিছিল যে ধোনীয়ে জানে যে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেতিয়া এৰিব লাগে। দক্ষিণ আফ্ৰিকা ছিৰিজ আৰম্ভ হোৱাৰ পূৰ্বে বিৰাট কোহলীয়েও কৈছিল যে সন্যাস লোৱাৰ সিদ্ধান্ত ধোনীৰ নিজৰ।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|