বিগত বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ পিছৰ পৰাই জাতীয় দলৰ পৰা আঁতৰি আছে ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটচমেন তথা প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী। ক্ৰিকেটৰ পৰা আঁতৰি থকাৰ পিছত ধোনীয়ে কিছু দিন ভাৰতীয় সেনালৈও সেৱা আগবঢ়ায়। কিন্তু এতিয়া চৰ্চালৈ আহিছে মহেন্দ্ৰ সিং ধোনীৰ অৱসৰৰ প্ৰসংগ।
![]()
বহুতে অগন্তুক টি২০ বিশ্বকাপলৈকে মহেন্দ্ৰ সিং ধোনীয়ে ক্ৰিকেট খেলি যাব বুলি কৈছে যদিও একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি মহেন্দ্ৰ সিং ধোনীয়ে নিজৰ কেৰিয়াৰৰ সন্দৰ্ভত অতি শীঘ্ৰে সিদ্ধান্ত ল’ব বুলি কোৱা হৈছে। কিন্তু জানুৱাৰী মাহত মহেন্দ্ৰ সিং ধোনীয়ে এই সন্দৰ্ভত একো মন্তব্য নিদিয়ে বুলি জনাইছে।
এইবাৰ মহেন্দ্ৰ সিং ধোনীৰ অৱসৰৰ সন্দৰ্ভত মন্তব্য আগবঢ়াইছে ২০০৭ চনৰ ভাৰতৰ টি–২০ বিশ্বকাপ বিজয়ী দলৰ সদস্য যোগিন্দৰ শৰ্মাই। শৰ্মাই কয় যে, ‘‘শাৰিৰীক তথা মানসিকভাৱে ধোনী যথেষ্ট শক্তিশালী। ক্ৰিকেট জগতৰ পৰা আঁতৰি থকাৰ সিদ্ধান্তৰ আঁৰত হয়তো বিভিন্ন কাৰণ থাকিব পাৰে। তেওঁৰ এটা পৰিয়াল আছে, ব্যক্তিগত জীৱন আছে, হয়তো তেওঁ নিজকে বেলেগ ধৰণে সাজু কৰি আছে।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|