মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »MS Dhoni Retirement: ক্ৰিকেটৰ উপৰি আন ৮ স্থানৰ পৰা উপাৰ্জন কৰে ধোনীয়ে, জানেনে আপুনি?

MS Dhoni Retirement: ক্ৰিকেটৰ উপৰি আন ৮ স্থানৰ পৰা উপাৰ্জন কৰে ধোনীয়ে, জানেনে আপুনি?

বিজ্ঞাপন ক্ষেত্ৰত অধিকসংখ্যক ব্ৰেণ্ডৰ প্ৰথম পছন্দ ধোনী।

বিজ্ঞাপন ক্ষেত্ৰত অধিকসংখ্যক ব্ৰেণ্ডৰ প্ৰথম পছন্দ ধোনী।

বিজ্ঞাপন ক্ষেত্ৰত অধিকসংখ্যক ব্ৰেণ্ডৰ প্ৰথম পছন্দ ধোনী।

  • Share this:
আন্তঃৰাষ্ট্রীয় ক্ৰিকেটক বিদায় জনালে এম এছ ধোনীয়ে। অৱশ্যে আই পি এল খেলি থাকিব মাহীয়ে। আই পি এলৰ নামী–দামী ক্ৰিকেটাৰসকলৰ মাজৰ এজন ধোনী। উপাৰ্জনৰ ফালৰ পৰা চাবলৈ গ’লে ধোনীৰ ক্ৰিকেট গ্ৰাউণ্ডৰ উপৰি ব্যৱসায় জগততো আধিপত্য আছে। মহেন্দ্ৰ সিং ধোনীয়ে কেইবাটাও ব্যৱসায়ৰ সৈতে জড়িত। ধোনীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১১১ মিলিয়ন ডলাৰ। বিজ্ঞাপন ক্ষেত্ৰত অধিকসংখ্যক ব্ৰেণ্ডৰ প্ৰথম পছন্দ ধোনী। এক ৰিপ’ৰ্ট অনুসৰি, ধোনীৰ এই বিজ্ঞাপনৰ পৰা ১৯৫ কোটি টকাতকৈ অধিক উপাৰ্জন হয়। আহক জানো ধোনীয়ে ক্ৰিকেটৰ উপৰি ক’ৰ ক’ৰ পৰা উপাৰ্জন কৰে ধন।

১. হোটেল : ধোনীৰ পত্নী সাক্ষী হোটেল মেনেজমেণ্ট কৰিছে আৰু হোটেল উদ্যোগতো ধোনী জড়িত। ঝাৰখণ্ডত ধোনীৰ এখন হোটেল আছে, যাৰ নাম মাহী ৰেছিডেন্সী।

২. হকী টীম : হকীৰ বিশ্বতো জড়িত আছে ধোনী। তেওঁ হকী ইণ্ডিয়া লীগৰ টীম ৰাঁচী ৰেজৰ মালিক।

৩. ফুটবল ক্লাব : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ফ্ৰেনচাইজী চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ধোনীৰ ফুটবলত পূৰ্বৰে পৰা ৰুচি আছিল আৰু সেইবাবেই তেওঁ ইণ্ডিয়ান ছুপাৰ লীগৰ ফুটবল দল চেন্নাই এফ চি ক্ৰয় কৰে।

৪. মনোৰঞ্জন : বিগত বৰ্ষত ধোনীয়ে মনোৰঞ্জন জগতত খোজ পেলায়। তেওঁ ধোনী এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড নামেৰে কোম্পানী খুলিছিল আৰু শেহতীয়াকৈ প্ৰকাশ পোৱা এক খবৰ অনুসৰি ধোনীয়ে নিজৰ ব্যৱসায় বৃদ্ধিৰ বাবে মুম্বাইৰ আন্ধেৰীত নতুন কাৰ্যালয় খুলিছে। ধোনীৰ কোম্পানীয়ে অ’টিটি প্লেটফৰ্মৰ বাবে কণ্টেণ্ট আৰু টেলিভিছন শ্ব’ নিৰ্মাণ কৰে। ধোনীৰ কোম্পানীৰ প্ৰথম প্ৰজেক্ট আছিল হটষ্টাৰ ডকুমেন্ট্রী ‘দ্য ৰ’ৰ অব দ্য লায়ন’।

৫. ৰেচিং টীম : সকলোৱে জানে যে ধোনীৰ বাইকৰ প্ৰতি অত্যন্ত চখ আছে। গতিকে এই খেলত ধোনীৰ নাম জড়িত নাথাকিব, সেয়া হ’বই নোৱাৰে। ধোনীয়ে দাক্ষিণাদ্যৰ ছুপাৰষ্টাৰ নাগাৰ্জুনৰ সৈতে ছুপাৰস্প’ৰ্ট ৱৰ্ল্ড চেম্পিয়নশ্বীপ টীম মাহী ৰেচিং টীম ইণ্ডিয়াৰ সহকাৰী স্বত্বাধিকাৰী।

৬. ফেশ্বন : ফেশ্বন জগততো মাহীৰ আছে নিজৰ ব্ৰেণ্ড। লাইফষ্টাইল বেণ্ড ছেভনত বিনিয়োগ কৰিছে ধোনীয়ে। ২০১৬ চনত নিজেই এই ব্ৰেণ্ড মুকলি কৰিছিল। ধোনী এই ব্ৰেণ্ডৰ ফুটৱে’ৰৰ মালিক।

৭. ফিটনেছ : ধোনীৰ ফিটনেছৰ কথা সকলোৱে জানে। বয়স তেওঁৰ বাবে এটা সংখ্যা মাত্ৰ। আজিও তেওঁৰ ফিটনেছ কোনো যুৱ খেলুৱৈতকৈ কোনোগুণে কম নহয়। ফিটনেছৰ বাবে যাতে উচিত স্থান, যোগ্যতাসম্পন্ন প্ৰশিক্ষক লাভ কৰে তাৰ বাবে ধোনীয়ে দেশজুৰি স্প’ৰ্টছ ফিট নামেৰে প্ৰায় ২০০ জিম খুলি ৰাখিছে।

৮. বিজ্ঞাপন : বিজ্ঞাপনৰ জগততো ধোনী সকলোতকৈ আগত। তেওঁৰ হাতত প্ৰায় ২০টাকৈ বিজ্ঞাপন আছে আৰু তেওঁতকৈ অধিক বিজ্ঞাপন সম্ভৱত বলীউদৰ কিং শ্বাহৰুখ খানৰ হাততহে আছে।

শেহতীয়া বাতৰি