বৃহস্পতিবাৰে মহেন্দ্ৰ সিং ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’ব বুলি বিশেষ চৰ্চা চলিছিল। ছচিয়েল মিডিয়াৰ লগতে দেশৰ একাংশ সংবাদ মাধ্যমত ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা উইকেট কিপাৰ বেটচমেন মহেন্দ্ৰ ধোনীয়ে বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাত মহেন্দ্ৰ সংবাদমেল সম্বোধন কৰি অৱসৰৰ কথা ঘোষণা কৰিব বুলি প্ৰচাৰিত হৈছিল।
কিন্তু এই সকলো বোৰ আছিল উৰা বাতৰি। BCCI ৰ এগৰাকী উচ্চ প্ৰদস্থ বিষয়াই কোৱা মতে মহেন্দ্ৰ সিং ধোনীয়ে এতিয়াই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় নজনায়। আগন্তুক টি–২০ বিশ্বকাপ পৰ্যন্ত ধোনীয়ে দেশৰ হৈ ক্ৰিকেট খেলি যাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিষয়াগৰাকীয়ে।
ছচিয়েল মিডিয়াত এতিয়া বিয়পি পৰিছিল ধোনীয়ে অৱসৰ লোৱাৰ খবৰছচিয়েল মিডিয়াত এতিয়া অধিনায়ক বিৰাট কোহলী আৰু মহেন্দ্ৰ সিং ধোনীৰ টুইটকলৈ চলিছিল সৰব চৰ্চা। বৃহস্পতিবাৰে বিৰাট কোহলীয়ে নিজৰ টুইটাৰ একাউণ্টত এখন বিশেষ ফটো শ্বেয়াৰ কৰিছিল। ফটো খন ধোনী আৰু কোহলীয়ে মেচ জিকোৱাৰ পিছৰ এখন ফটো। ফটো খনত কোহলীয়ে লিখিছিল, ‘ এইখন মেচ মই কেতিয়াও পাহৰি নাযাও। বিশেষকৈ ৰাতি এই জনে মোক ফিটনেচ টেষ্টৰ ফালে লৈ গ’ল’।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|