শীঘ্ৰে নতুন বছৰটোৰ প্ৰথমটো বিদেশ ভ্ৰমণৰ বাবে সাজু হৈছে ভাৰতীয় ক্ৰিকেট দল। টীম ইণ্টিয়াৰ নিউজীলেণ্ড ভ্ৰমণ ২৪ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব। নিউজীলেণ্ডত বগা বলেৰে ৮খন মেচ খেলিব ভাৰতে। ভাৰতীয় দলটোৱে মুঠ পাঁচখন টি–২০, তিনিখন এদিনীয়া আৰু দুখন টেষ্ট মেচ খেলিব। দেওবাৰে হ’ব নিউজীলেণ্ড ভ্ৰমণৰ বাবে দল বাচনি। নিউজীলেণ্ড ভ্ৰমণৰ বাবে যাবলগীয়া দলটোত এম এছ ধোনী অন্তৰ্ভুক্ত হ’বনে নহয় তালৈ দৃষ্টি নিবদ্ধ ৰাখিছে ক্ৰিকেটপ্ৰেমীয়ে। কিয়নো এনেকুৱা ধাৰণা কৰা হৈছে যে আজি ধোনীয়ে এদিনীয়া ক্ৰিকেটৰ পৰা সন্যাস ল’ব পাৰে। কিছুদিন পূৰ্বে ভাৰতীয় দলৰ প্ৰশিক্ষণ ৰবি শাস্ত্ৰীয়ে সংকেত দিছিল যে শীঘ্ৰে ধোনীয়ে এদিনীয়া ক্ৰিকেটক বিদায় জনাব পাৰে।
ৰবি শাস্ত্ৰীয়ে কিছুদিন পূৰ্বে কৈছিল যে ধোনীৰ টি–২০ কেৰিয়াৰ এতিয়াও জীয়াই আছে। প্ৰশিক্ষকগৰাকীৰ মতে ধোনী ইণ্ডিয়ান প্ৰিমিয়াৰ লীগতো খেলিব। যদি তেওঁ ভাৱে যে খেল তেওঁ খেলৰ ধাৰা অব্যাহত ৰাখিব নোৱাৰে তেন্তে টেষ্ট ক্ৰিকেটৰ দৰে ক্ৰিকেটক বিদায় জনাব পাৰে।
বিশ্বকাপৰ ছেমি ফাইনেলত নিউজীলেণ্ডৰ হাতত পৰাজয়ৰ পিছতে ক্ৰিকেটৰ পৰা দূৰত আছে ধোনী। ঘৰুৱা ক্ৰিকেটতো খেলপথাৰত নমা নাই ধোনী। এই সময়ছোৱাত টেৰিটৰিয়েল আৰ্মীৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰাৰ লগতে আন খেলতো অংশগ্ৰহণ কৰে। গ’ল্ফ আৰু টেনিছত খিতাপো জিকিছে ধোনীয়ে। আজিৰ দল বাচনিৰ সময়ত ধোনীৰ কেৰিয়াৰক লৈও ডাঙৰ সিদ্ধান্ত আহিব বুলি ধাৰণা কৰা হৈছে।
NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|