এম এছ ধোনী এনেকুৱা এগৰাকী খেলুৱৈ যাৰ বিশ্বজুৰি আছে কোটি কোটি সমৰ্থক। এগৰাকী অধিনায়ক হিচাপে টি–২০ বিশ্বকাপ, বিশ্বকাপ, চেম্পিয়ন্স ট্ৰফী দখল কৰিবলৈ সক্ষম হৈছে ধোনীয়ে। ২০১৯ চনৰ বিশ্বকাপৰ ছেমি ফাইনেলৰ পিছৰে পৰা ক্ৰিকেটৰ পৰা আঁতৰি আছে ধোনী। এনে অৱস্থাত ধোনীৰ অনুৰাগীসকলৰ মনত প্ৰশ্নৰ উদয় হৈছে যে মাহীৰ কেৰিয়াৰ শেষ নেকি? কেইবাগৰাকীও ক্ৰিকেট বিশেষজ্ঞৰ মতে, ধোনী টীম ইণ্ডিয়ালৈ উভতি আহিলেও শীঘ্ৰে আন্তঃৰাষ্ট্রীয় ক্ৰিকেটৰ পৰা বিদায় ল’ব।
কিন্তু এইক্ষেত্ৰত আন এক মন্তব্য কৰিছে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক নাছিৰ হুছেইনে। এক অনুষ্ঠানত নাছিৰ হুছেইনে কয় যে এম এছ ধোনীক সন্যাসৰ বাবে বাধ্য কৰা উচিত নহয়, কিয়নো এবাৰ গুচি গ’লে তেওঁ পুনৰ উভতি নাহে। হুছেইনে কয়, ‘ধোনীয়ে এতিয়াও টীম ইণ্ডিয়াত স্থান পোৱা উচিতনে? এই প্ৰশ্নটো সকলো সদস্যৰ ক্ষেত্ৰতে প্ৰযোজ্য হয়। মোৰ মতে, এতিয়াও ধোনীৰ ভাৰতীয় ক্ৰিকেটক দিবলৈ বহু বাকী আছে।’
নাছিৰ হুছেইনে কয় – হয়, এখন–দুখন মেচত ধোনীয়ে লক্ষ্য অনুসৰণ কৰিবলৈ গৈ বিফল হৈছে, যিদৰে বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে খেলা মেচত বিফল হৈছিল। কিন্তু ধোনীৰ ভিতৰত প্ৰচূৰ প্ৰতিভা আছে। আপোনালোকে যিটো বিচাৰিছে তাৰ পৰা সাৱধান হওক, কিয়নো যদিহে ধোনী এবাৰ গুচি যায়, পুনৰ উভতি নাহিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|