আৰম্ভ হ'ল ভাৰতীয় সাম্ভাব্য দলৰ ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ প্ৰস্তুতি। টকিঅ' অলিম্পিকৰ সফলতাক অতিক্ৰম কৰি পেৰিছ অলিম্পিকত অধিক পদক লাভৰ লক্ষ্য ভাৰতৰ। যাৰ বাবে ২০২৪ চনৰ পেৰিছ অলিম্পিকলৈ লক্ষ্য কৰি বিশেষ তৎপৰতা আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰণালয়ে।
কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰণালয়ে দেশৰ ৭ গৰাকী প্ৰাক্তন অভিজ্ঞ খেলুৱৈক লৈ গঠন কৰিছে "মিছন অলিম্পিক চেল"। দেশৰ এই "মিছন অলিম্পিক চেল"ৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিছে অসমৰ প্ৰথম গৰাকী মহিলা অৰ্জুন বটা বিজয়ী টেবুল টেনিছ খেলুৱৈ মনালিছা বৰুৱা মেহতাই।
উল্লেখযোগ্য যে, মনালিছা বৰুৱা মেহতাই ১৯৮২ ৰ নতুন দিল্লী আৰু ১৯৮৪ চনৰ ছিউল এছিয়ান গেমছত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল। চেলৰ আন সদস্য, সদস্যা হিচাপে আছে ক্ৰমে ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়া, দীৰ্ঘ সময় এথলেটিকছত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অলিম্পিয়ান লং জাম্পাৰ অঞ্জু ববি জৰ্জৰ উপৰিও আৰু ৪ গৰাকী খেলুৱৈ। অৰ্জুন মনালিছা বৰুৱাক অভিনন্দন জনাইছে গুৱাহাটীৰ নগেন হাজৰিকা টেবুল টেনিছ ফাউণ্ডেছনৰ মুখ্য প্ৰশিক্ষক মানস জ্যোতি দাসে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : December 04, 2021, 11:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।