
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১,৫০০ ক্ৰীড়াবিদৰ অংশগ্ৰহণেৰে বোকাখাত ষ্টেডিয়ামত চাৰিদিনীয়াকৈ প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১,৫০০ ক্ৰীড়াবিদৰ অংশগ্ৰহণেৰে বোকাখাত ষ্টেডিয়ামত চাৰিদিনীয়াকৈ প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব
আগন্তুক ৮, ৯, ১০ আৰু ১১ ডিচেম্বৰত বোকাখাতত অনুষ্ঠিত হ'ব ২৮ সংখ্যক অসম মাষ্টাৰ্ছ এথলেটিকছ্ প্ৰতিযোগিতা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১,৫০০ ক্ৰীড়াবিদৰ অংশগ্ৰহণেৰে বোকাখাত ষ্টেডিয়ামত চাৰিদিনীয়াকৈ প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখনিৰ সফল আয়োজনৰ লক্ষ্যৰে শনিবাৰে সন্ধিয়া ষ্টেডিয়ামখন পৰিদৰ্শন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই। উল্লেখ্য যে, পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে প্ৰতিযোগিতাখনৰ আয়োজনৰ সৈতে জড়িত সকলোৰেপৰা প্ৰস্তুতিপৰ্বৰ সবিশেষ বুজ লোৱাৰ লগতে আয়োজকসকলৰ সৈতে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাত মিলিত হয়।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|