দেওবাৰে অনুষ্ঠিত হোৱা আইপিএলৰ মুম্বাই ইণ্ডিয়ানছ বনাম কিংছ ইলেভেন পঞ্জাবৰ মাজৰ খেলখন আছিল অত্যন্ত ৰোমাঞ্চকৰ। এটা নহয়, দুটাকৈ ছুপাৰ অভাৰতহে ওলাল খেলৰ ফলাফল।
আই পি এলত প্ৰথমবাৰলৈ কোনো খেলৰ ফলাফলৰ বাবে বাট চাবলগীয়া হ’ল দুবাৰকৈ ছুপাৰ অভাৰৰ। নিয়ম অনুসৰি প্ৰথম ছুপাৰ অভাৰত যিয়ে বেটিং বা বলিং কৰে, তেওঁলোকে দ্বিতীয় ছুপাৰ অভাৰত বেটিং বা বলিং কৰিব নোৱাৰে। ফলত দ্বিতীয় ছুপাৰ অভাৰত মুম্বাইৰ হৈ বেটিং কৰিবলৈ আহিছিল কায়ৰন পোলাৰ্ড আৰু হাৰ্দিক পাণ্ডিয়া। ক্ৰিছ জৰ্ডানৰ সেই অভাৰত এটা উইকেট হেৰুৱাই মুম্বায়ে কৰিছিল ১১ ৰান। অন্তিম বলত মায়াংক আগৰৱালে অবিশ্বাস্যভাৱে ছয় নবচালে খেলখনত হয়তো আৰু অধিক ৰান অনুসৰণ কৰিব লাগিলহেঁতেন পঞ্জাবে। কিন্তু ক্ৰিছ গেইল আৰু মায়াংক আগৰৱালৰ যুটীয়ে সহজে ১২ ৰানৰ লক্ষ্য অতিক্ৰম কৰে।
মায়াংক আগৰৱাল চলিত আই পি এলৰ কিংছ ইলেভেন পঞ্জাবৰ অন্যতম ভৰসা। বেটিং, ফিল্ডিং সকলোতে প্ৰতিদিনেই মুগ্ধ কৰিছে দৰ্শকক। দেওবাৰে ডিপ মিড উইকেটত উঠা এটা বল অবিশ্বাস্যভাৱে ছয় হোৱাৰ পৰা ৰক্ষা কৰি ক্ৰিকেটপ্ৰেমীৰ হৃদয় জিনিবলৈ সক্ষম হয় মায়াংকে।
ক্ৰিছ জৰ্দানৰ বলত কায়ৰন পোলাৰ্ডে কোবোৱা এটা শ্বট পাৰ হ’বলৈ লৈছিল বাউণ্ডেৰী লাইন। কিন্তু সকলোকে আচৰিত কৰি মায়াংকে বাউণ্ডেৰী লাইনৰ পৰা ওভতাই নিশ্চিত ছয়ৰ পৰা ৰক্ষা কৰে বলটো। মায়াংকৰ এই আকৰ্ষণীয় ফিল্ডিঙে কমেণ্টেটৰৰ লগতে হৃদয় জিনিলে ক্ৰিকেটপ্ৰেমীৰো।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|