পুৰুষৰ বাবে সম্পূর্ণ মাৰাথান আৰু মহিলাৰ বাবে ১২ কিলোমিটাৰৰ হাফ মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত হয় । দেওবাৰে পুৱা এই প্ৰতিযোগিতাৰ ফ্লেগ অফ কৰে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক তথা অসম ক্ৰীড়া প্ৰাধিকৰণৰ উপ-সভাপতি লক্ষ্য কোঁৱৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম এথলেটিকছ সন্থাৰ সাধাৰণ সম্পাদক অশোক ভৰালী । যোৰহাট ক্ৰীড়া সন্থাৰ বিষয়-ববীয়া, সদস্যসকলৰ লগতে যোৰহাটৰ একাংশ ক্ৰীড়ানুৰাগী লোকে এই প্ৰতিযোগিতালৈ সহযোগিতা আগবঢ়ায় ।
এই প্ৰতিযোগিতাত পুৰুষৰ শাখআত প্ৰথম স্থান দখল কৰে যোৰহাটৰ বিজয় ডেকাই । বিজয়ে ৪২.১২৫ কিলোমিটাৰ দূৰত্ব ২ ঘণ্টা ৩০ মিনিট ৫ ছেকেণ্ডত সম্পূৰ্ণ কৰে । প্ৰতিযোগিতাৰ দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে ক্ৰমে পশ্চিমবংগৰ ৰূপম দেৱনাথ আৰু গোলাঘাটৰ তিখেশ্বৰ কুৰ্মীয়ে ।
মহিলাৰ শাখাত ১২ কিলোমিটাৰ দূৰত্ব ৪৯ মিনিট ৩০.৩৪ ছেকেণ্ডত অতিক্ৰম কৰি প্ৰথম স্থান দখল কৰে জোনাইৰ ৰেখামনি শইকীয়াই । দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে কাৰ্বি আংলঙৰ লিলি ফাংচুপি আৰু চৰাইদেউৰ ৰূপালী মুণ্ডাই । বিজয়ী প্ৰতিযোগিসকলক নগদ ধন সহ পুৰস্কাৰ প্ৰদান কৰা হয় । যোৰহাট মাৰাথানৰ এই ধাৰাবাহিকতা অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পুজাৰিয়ে ।