Manipur Youth in Guinness Book of World Records: এক মিনিটত সৰ্বাধিক ফিংগাৰ টিপ পুশ্ব-আপ, মণিপুৰৰ যুৱকে গঢ়িলে গিনীজ বিশ্ব ৰেকৰ্ড, চাওক ভিডিঅ'
Manipur Youth in Guinness Book of World Records: এক মিনিটত সৰ্বাধিক ফিংগাৰ টিপ পুশ্ব-আপ, মণিপুৰৰ যুৱকে গঢ়িলে গিনীজ বিশ্ব ৰেকৰ্ড, চাওক ভিডিঅ'
থৌনাওজাম নিৰঞ্জয় সিং
Manipur Youth in Guinness Book of World Records: পূৰ্বেও দুবাৰৰ গিনীজ বিশ্ব ৰেকৰ্ড গঢ়া মণিপুৰৰ থৌনাওজাম নিৰঞ্জয় সিঙে (Thounaojam Niranjoy Singh) এক মিনিটত আঙুলিৰ টিপত সৰ্বাধিক পুছ-আপৰ বাবে আকৌ এবাৰ ৰেকৰ্ড বুকত স্থান লাভ কৰে।
মণিপুৰৰ এজন ২৪ বছৰীয়া যুৱক থৌনাওজাম নিৰঞ্জয় সিঙে (Thounaojam Niranjoy Singh) ১ মিনিটত সৰ্বাধিক ফিংগাৰ টিপ পুশ্ব-আপ কৰি গঢ়িলে নতুন গিনীজ বিশ্ব ৰেকৰ্ড (Guinness Book of World Records)। পূৰ্বৰ ১ মিনিটত ১০৫ বাৰ ফিংগাৰ টিপ পুশ্ব-আপ (finger tip push-ups)ৰ অভিলেখ ভংগ কৰি থৌনাওজাম নিৰঞ্জয় সিঙে ১ মিনিটত ১০৯ বাৰ পুশ্ব-আপ কৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়।
ইম্ফলত এজটেক স্পোৰ্টছ মণিপুৰ (Manipur)ৰ উদ্যোগত এজটেক ফাইট ষ্টুডিঅ'ত আয়োজিত এক অনুষ্ঠানত থৌনাওজাম নিৰঞ্জয় সিঙে এই নতুন গিনীজ বিশ্ব ৰেকৰ্ড গঢ়ে চাওক ভিডিঅ'-
#WATCH | Thounaojam Niranjoy Singh from Manipur broke the Guinness Book of World Records last week for most push-ups (finger tips) in one minute pic.twitter.com/arSF5ZySUZ