• Home
  • »
  • News
  • »
  • sports
  • »
  • Goyang 2022 World Taekwondo: বিশ্ব টাইকোৱানডোত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব অসম–কন্যাই, স্বৰ্ণপদক অৰ্জনৰ লক্ষ্য মৈত্ৰীৰ

Goyang 2022 World Taekwondo: বিশ্ব টাইকোৱানডোত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব অসম–কন্যাই, স্বৰ্ণপদক অৰ্জনৰ লক্ষ্য মৈত্ৰীৰ

২১-২৪ এপ্ৰিলত দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ'ব বিশ্ব কেডেট টাইকোৱানডো চেম্পিয়নশ্বিপ। 

২১-২৪ এপ্ৰিলত দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ'ব বিশ্ব কেডেট টাইকোৱানডো চেম্পিয়নশ্বিপ। 

২১-২৪ এপ্ৰিলত দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ'ব বিশ্ব কেডেট টাইকোৱানডো চেম্পিয়নশ্বিপ। 

  • Share this:
অসমৰ মৈত্ৰী শৰ্মাই বিশ্ব টাইকোৱানডোত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ঔৰংগাবাদত অনুষ্ঠিত নিৰ্বাচনী শিবিৰত দুৰ্দান্ত খেল প্ৰদৰ্শন কৰা মৈত্ৰী শৰ্মাই কেডেট শাখাত বিশ্ব টাইকোৱানডোত (world Taekwondo) পুমছে ইভেন্টত অংশগ্ৰহণ কৰিব। ২১ এপ্ৰিলৰ পৰা ২৪ এপ্ৰিললৈ এছিয়া মহাদেশৰ দক্ষিণ কোৰিয়াৰ গয়াং প্ৰদেশত অনুষ্ঠিত হ'বলগীয়া বিশ্ব চেম্পিয়নশ্বিপখনলৈ যোগ্যতা অৰ্জন কৰাত উৎফুল্লিত হৈ পৰে কামৰূপৰ উত্তৰ গুৱাহাটীৰ (North Guwahati) প্ৰতিভাৱান টাইকোৱানডো খেলুৱৈ মৈত্ৰী শৰ্মা।

চলিত মাহৰ ২১-২৪ এপ্ৰিললৈ গয়াঙত চলিবলগীয়া বিশ্ব চেম্পিয়নশ্বিপখনত (Goyang 2022 World Taekwondo) স্বৰ্ণ পদক অৰ্জনৰ লক্ষ্যৰে মৈত্ৰী শৰ্মাই পুৱা–গধুলি প্ৰায় দহ ঘন্টা সময় কঠোৰ অনুশীলন চলাই আছে। উল্লেখযোগ্য যে কামৰূপ জিলাৰ পৰা ইয়াৰ পূৰ্বে কোনো টাইকোৱানডো খেলুৱৈয়ে বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা নাই।

মৈত্ৰীৰ লগতে তেওঁৰ প্ৰশিক্ষক প্ৰীতম কিশোৰ বৰায়ো ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে বিশ্ব চেম্পিয়নশ্বিপখনত অংশ ল'ব। নিজৰ জীয়াৰীৰ সফলতাত উৎফুল্লিত তেওঁৰ মাতৃ প্ৰাক্তন এন চি চি কেডেট নয়নতৰা বৰদলৈ আৰু পিতৃ। খেলুৱৈগৰাকীক শুভেচ্ছা জনাইছে অসম ইলেক্ট্ৰনিক মিডিয়া স্প'ৰ্টছ জাৰ্নেলিষ্ট এছোচিয়েচনে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি