মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »Virat Kohli: কোহলীৰ বেয়া দিনত সাহস দিছিল ধোনীয়ে, ধোনীৰ বাৰ্তাই উৎসাহিত কৰিছিল বিৰাট কোহলীক

Virat Kohli: কোহলীৰ বেয়া দিনত সাহস দিছিল ধোনীয়ে, ধোনীৰ বাৰ্তাই উৎসাহিত কৰিছিল বিৰাট কোহলীক

কোহলীৰ বেয়া দিনত সাহস দিছিল ধোনীয়ে, ধোনীৰ বাৰ্তাই উৎসাহিত কৰিছিল বিৰাট কোহলীক

কোহলীৰ বেয়া দিনত সাহস দিছিল ধোনীয়ে, ধোনীৰ বাৰ্তাই উৎসাহিত কৰিছিল বিৰাট কোহলীক

M S Dhoni: আইপিএলৰ পূৰ্বে ধোনীৰ প্ৰশংসাত পঞ্চমুখ বিৰাট কোহলী

  • Share this:

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল বিৰাট কোহলী। উল্লেখযোগ্য যে, বিশ্বৰ শ্ৰেষ্ঠ বেটছমেনসকলৰ তালিকাত স্থান লাভ কৰা ভাৰতৰ তাৰকা খেলুৱৈগৰাকীয়ে বিগত সময়ছোৱাত ফৰ্ম ঘূৰাই পোৱাৰ বাবে যথেষ্ট কষ্ট কৰিব লগা হৈছিল। আনকি ভাৰতৰ টী-২০ দলৰ পৰা কোহলীক বাদ দিয়াৰ বাবেও চৰ্চা চলিছিল। কিন্তু এছিয়া কাপত শতকৰে পুনৰ নিজৰ ফৰ্ম উভতাই পালে বিৰাট কোহলীয়ে।


পিছে ফৰ্মত নথকাৰ সময়ছোৱাত সামাজিক মাধ্যমত ব্যাপক সমালোচনাৰ সন্মুখীন হৈ কোহলীয়ে হতাশাত ভূগিছিল। সেই সময়ত বিৰাট কোহলীক সাহস যোগাইছিল মহেন্দ্ৰ সিং ধোনীয়ে। মহেন্দ্ৰ সিং ধোনীক প্ৰশংসাৰে এক প'ডকাষ্টত কোহলীয়ে কয়, "সাধাৰণতে মহেন্দ্ৰ সিং ধোনীয়ে কাৰো ফোন নধৰে। তেঁওক ফোনত পাবলৈ বৰ কঠিন। কাৰণ তেঁও ফোনৰ পৰা আঁতৰত থাকে। কিন্তু মোৰ বিপদৰ সময়ত পৰিয়াল আৰু বন্ধুবৰ্গৰ লগতে মহেন্দ্ৰ সিং ধোনীয়ে দুবাৰকৈ মেচেজ কৰিছিল। ধোনীয়ে কৈছিল সমালোচনাক লৈ হতাশ নহ'বা। নিজৰ খেলত মন দিয়া ছন্দ উভতাই পালেই সকলো সমালোচনাৰ অন্ত পৰিব।"

শেহতীয়া বাতৰি