• Home
  • »
  • News
  • »
  • sports
  • »
  • অসমৰ খেলৰ বাবে সুখবৰ! ধ্যানচান্দ খেলৰত্ন বঁটাৰ বাবে লাভলীনা বৰগোহাঁইৰ নাম অনুমোদন

অসমৰ খেলৰ বাবে সুখবৰ! ধ্যানচান্দ খেলৰত্ন বঁটাৰ বাবে লাভলীনা বৰগোহাঁইৰ নাম অনুমোদন

Lovlina borgohain

Lovlina borgohain

দেশৰ ক্ৰীড়া বিশেষজ্ঞৰ দ্বাৰা গঠিত জুৰী কমিটীয়ে লাভলীনা বৰগোহাঁইৰ ভাৰতবৰ্ষৰ প্ৰতি থকা ক্ৰীড়া অৱদানৰ বাবে তেওঁৰ নামটো অনুমোদন জনায়।

  • Share this:
অসমৰ খেলৰ বাবে সুখবৰ। ট'কিঅ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঁইৰ নাম দেশৰ ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান ধ্যানচান্দ খেলৰত্ন বঁটাৰ বাবে অনুমোদন কৰিছে। দেশৰ ক্ৰীড়া বিশেষজ্ঞৰ দ্বাৰা গঠিত জুৰী কমিটীয়ে লাভলীনা বৰগোহাঁইৰ ভাৰতবৰ্ষৰ প্ৰতি থকা ক্ৰীড়া অৱদানৰ বাবে তেওঁৰ নামটো অনুমোদন জনায়।

উল্লেখযোগ্য যে একেখন জুৰি কমিটীয়ে ট'কিঅ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী এথলীট নিৰজ চোপ্ৰা, অলিম্পিকৰ ৰূপৰ পদক বিজয়ী মল্লযোদ্ধা ৰবি দাহিয়া, ভাৰতীয় ফুটবল দলৰ অধিনায়ক সূনীল চেত্ৰী সহিতে মুঠ ১১ গৰাকী তাৰকা খেলুৱৈৰ নাম অনুমোদন জনায়।

অৰ্জুন বঁটাৰ বাবে আন বহুজনৰ লগতে ট'কিঅ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী ভাৰতীয় পুৰুষ হকী দলৰ কেবাজনো খেলুৱৈৰ নামো বিবেচিত হয়। ইফালে লাভলীনাৰ প্ৰশিক্ষক সন্ধ্যা গুৰুঙৰ নামো দোণাচাৰ্য্য বটাৰ বাবে অনুমোদন জুৰী কমিটীৰ। ইয়াৰ পূৰ্বে ২০২০ চনত লাভলীনাই লাভ কৰিছে খেলৰ সন্মানীয় অৰ্জুন বঁটা। জুৰীৰ অনুমোদনৰ পিছত নামসমূহ শীঘ্ৰে ঘোষণা কৰিব কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰণালয়ে।
Published by:Sanjay Kumar Das
First published: