আগন্তুক নৱবৰ্ষ ২০২২ (New Year2022) বৰ্ষটো অতিকৈ ব্যস্ততাপূৰ্ণ হ'ব অসম গৌৰৱ বক্সাৰ লভলীনা বৰগোহাঁই (Lovlina Borgohain)ৰ বাবে । আগন্তুক বছৰটোত আছে চাৰিখনকৈ অতি গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা । আনহাতে যোৰহাটৰ এক অনুষ্ঠানত উপস্থিত থাকি লাভলীনাই অসমবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ লগতে জনালে এটি বিশেষ আহ্বান ।
দীৰ্ঘদিনীয়া ব্যস্ততাৰ অন্তত অৱশেষত কিছু সময় উলিয়াই বুধবাৰে যোৰহাটৰ এক সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে অলিম্পিক পদক বিজয়ী বক্সাৰ লভলীনা বৰগোহাঁই । যোৰহাট প্ৰেছ ক্লাবত খেলুৱৈগৰাকীক সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু যোৰহাট জিলা এমেচাৰ বক্সিং সন্থাৰ সহযোগত ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লাভলীনাই অসমবাসীৰ এই মৰম আৰু আশীৰ্বাদৰ বাবে সদায় কৃতজ্ঞ হৈ থাকিব বুলি মত ব্যক্ত কৰে ।
উল্লেখ্য, আগন্তুক বৰ্ষটো লাভলীনাৰ বাবে অতিকৈ ব্যস্ততাপূৰ্ণ আৰু প্ৰত্যাহ্বানেৰে ভৰা বছৰ হ'ব । কাৰণ ২০২২ বৰ্ষত লাভলীনাই অংশ ল'ব এছিয়ান গেমছ , কমনৱেলথ গেমছ, ৱৰ্ল্ড চেম্পিয়নশ্বিপ আৰু এছিয়ান চেম্পিয়নশ্বিপৰ দৰে চাৰিখনকৈ গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত। ২০২২ বছৰটোত নিজকে পৰীক্ষা কৰি চোৱাৰ এটা ভাল সুযোগ লাভ কৰিব বুলি খেলুৱৈগৰাকীয়ে জানিবলৈ দিয়ে ।
"২০২২ বৰ্ষটোত একেলগে চাৰিখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা আছে । ইয়াৰ পূৰ্বে সাধাৰণতে বছৰত এনে প্ৰতিযোগিতা এখনহে অনুষ্ঠিত হয় । এইবাৰ নিজকে পৰীক্ষা কৰিবলৈ এটা ভাল সুযোগ লাভ কৰিম । এই প্ৰতিযোগিতাসমূহৰ প্ৰস্তুতিৰ বাবে মই বহু ব্যস্ত থাকিব লাগিব।" লাভলীনা বৰগোহাঁইয়ে এনেদৰে কয় ।
আনহাতে কণকণ শিশুসকলৰ সৈতে সময় পাৰ কৰি তেওলোকৰ মনত আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে খেলৰ প্ৰতি আগ্ৰহী শিশুসকলক অনুপ্ৰাণিত কৰিবলৈ অতিকৈ আগ্ৰহী লাভলীনা । কিন্তু প্ৰশিক্ষণৰ ব্যস্ততাৰ বাবে সেয়া হৈ উঠা নাই বুলি জানিবলৈ দিয়ে বক্সাৰগৰাকীয়ে । লাভলীনাৰ মতে কণকণ শিশুসকলৰ সৈতে তেওঁ সময় পাৰ কৰি শিশুসকলক অলিম্পিকৰ বিষয়ে অৱগত কৰাৰ লগতে তেওঁ লাভ কৰা মেডেলটো শিশুসকলৰ সন্মুখত দেখুৱালে অসমৰ এখন ভিতৰুৱা গাৱৰ পৰা গৈয়ো অধ্যৱসায়ৰ জৰিয়তে যে বিশ্ব জয় কৰাটো সম্ভৱ সেই কথা তেওঁলোকক বুজাব পৰা যাব ।
আনহাতে নতুন বছৰৰ বাবে অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰি এটি বিশেষ আহ্বান জনাইছে লাভলীনাই । যানবাহন চলাওতে নিজৰ লগতে পৰিয়ালৰ কথা চিন্তা কৰি হেলমেট পৰিধান কৰাৰ লগতে যানবাহন আইন মানি চলিবলৈ সকলোকে আহ্বান জনাইছে লাভলীনাই ।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assamese
আগন্তুক বছৰটোৰ বেছিভাগ সময়েই প্ৰশিক্ষণৰ বাবে ব্যস্ত থাকিব বুলি জানিবলৈ দিয়ে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈগৰাকীয়ে ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|