অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী লাভলিনা বৰগোহাঁই (Lovlina Borgohain) আৰু পাঁচবাৰৰ এছিয়ান পদক বিজয়ী শিৱ থাপাই আন্তৰ্জাতিক বক্সিং এছ'চিয়েচন (AIBA)ৰ এথলীটছ কমিটীত এছিয়াৰ প্ৰতিনিধি হোৱাৰ দৌৰত আছে। পুৰুষ আৰু মহিলা বিশ্ব চেম্পিয়নশ্বিপৰ আধাৰত ভোটদানৰ দ্বাৰা এথলীটছ কমিটীত এছিয়াৰ প্ৰতিনিধি বাছনি কৰা হয়। পুৰুষৰ বিশ্ব চেম্পিয়নশ্বিপ বৰ্তমান বেলগ্ৰেডত চলি আছে, য'ত থাপাই ৬৩.৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা কৰিছে। মহিলা বিশ্ব চেম্পিয়নশ্বিপ ডিচেম্বৰত তুৰস্কত অনুষ্ঠিত হ'ব পাৰে।
টকিঅ' অলিম্পিকৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি লাভলীনাই ভাৰতীয় দলত স্থান পাইছে। আন্তৰ্জাতিক বক্সিং এছ'চিয়েচনে পাঁচটা ফেডাৰেচনৰ পৰা ৩৪গৰাকীৰ নামে মনোনয়ন লাভ কৰিছিল, যাৰ ভিতৰত ২৭গৰাকীক যোগ্য বুলি বিচাৰ কৰা হৈছিল। যদি লাভলীনা আৰু থাপাৰ যিকোনো এগৰাকী এথলীটছ কমিটীত বাছনি কৰা হয়, ই একেৰাহে দ্বিতীয়বাৰৰ বাবে পেনেলত ভাৰতৰ উপস্থিতি নিশ্চিত কৰিব। প্ৰাক্তন বিশ্ব চেম্পিয়ন এল সৰিতা দেৱী ২০১৯ চনত অন্তৰ্ৱৰ্তীকালীন সভাপতি মহম্মদ মুস্তাহসেনৰ কাৰ্যকালত এথলীট কমিটিলৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল।
এছিয়ান ব্লকৰ দাবীদাৰসকলৰ ভিতৰত আছে তিনিগৰাকী মহিলা আৰু চাৰিজন পুৰুষ। লাভলীনাৰ লগতে এই দিশত উত্তৰ কোৰিয়াৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন তথা দুবাৰৰ এছিয়ান পদক বিজয়ী পাং চোল মিহ আৰু কাজাখস্তানৰ দুবাৰৰ বিশ্ব চেম্পিয়ন তথা বৰ্তমানৰ এছিয়াৰ স্বৰ্ণপদক বিজয়ী নায়েজাম কিজাইবেৰৰো নাম আছে।
আনহাতে, এছিয়ান ব্লকৰ দাবীদাৰ ৰূপে আছে থাপাৰ লগতে উজবেকিস্তানৰ ডিফেণ্ডিং অলিম্পিক চেম্পিয়ন বখোদিৰ জালভ, পাকিস্তানৰ আৱাস আলী খান আৰু কাজাখস্তানৰ দুবাৰৰ বিশ্ব আৰু এছিয়ান চেম্পিয়নশ্বিপ পদক বিজয়ী আবলাখান ঝুচুপভৰ। প্ৰতিটো কনফেডাৰেচনৰ এগৰাকী মহিলা আৰু পুৰুষ সদস্যক খেলুৱৈ সমিতিত বাছনি কৰা হ'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|