বিশ্ব মহিলা বক্সিঙৰ ফাইনেলত অসমৰ লাভলিনা বৰগোহাঁই। ছেমিফাইনেলত লাভলিনাই পৰাস্ত কৰে চীনৰ শক্তিশালী প্ৰতিপক্ষক। লাভলিনাৰ (Lovlina Borgohain) প্ৰতিপক্ষ চীনৰ লি কিয়ানো অলিম্পিকৰ পদক বিজয়ী খেলুৱৈ। কিন্তু লাভলিনাৰ পৰাক্ৰমৰ ওচৰত পৰাজয়বৰণ কৰে তেওঁ।
এই বিজয়েৰে বিশ্ব মহিলা বক্সিঙৰ ৭৫ কেজি শাখাত ফাইনেলত প্ৰৱেশ কৰে লাভলিনা বৰগোহাঁয়ে। এইদৰে তেওঁ ৰূপৰ পদক নিশ্চিত কৰিছে। ইয়াৰ পিছত তেওঁ স্বৰ্ণপদকৰ বাবে যুঁজ দিব ফাইনেল খেলত।
Published by: Gautam Barman
FIRST PUBLISHED : March 23, 2023, 22:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।