உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • Neymar girlfriends : নেইমাৰৰ নৈশ যাপন আৰু মহিলা আসক্তিক লৈ অসন্তুষ্ট মেছী! পেৰিছ এৰিব পাৰে আৰ্জেণ্টিনাৰ তাৰকাই

    Neymar girlfriends : নেইমাৰৰ নৈশ যাপন আৰু মহিলা আসক্তিক লৈ অসন্তুষ্ট মেছী! পেৰিছ এৰিব পাৰে আৰ্জেণ্টিনাৰ তাৰকাই

    বাৰ্চিলোনাৰ সৈতে সম্পৰ্ক শেষ হোৱাৰ পিছত মেছী পিএছজিলৈ যোৱাৰ অন্যতম ডাঙৰ কাৰণ নেইমাৰ আছিল বুলি জনা গৈছে।

    বাৰ্চিলোনাৰ সৈতে সম্পৰ্ক শেষ হোৱাৰ পিছত মেছী পিএছজিলৈ যোৱাৰ অন্যতম ডাঙৰ কাৰণ নেইমাৰ আছিল বুলি জনা গৈছে।

    বাৰ্চিলোনাৰ সৈতে সম্পৰ্ক শেষ হোৱাৰ পিছত মেছী পিএছজিলৈ যোৱাৰ অন্যতম ডাঙৰ কাৰণ নেইমাৰ আছিল বুলি জনা গৈছে।

    • Share this:
    মেছী আৰু নেইমাৰক (Messi Neymar friendship) লৈ শুনা গৈছে নতুন দুঃসংবাদ। বাৰ্চিলোনাত দুয়োৰে বন্ধুত্বৰ কথা সকলোৱে জানে। বাৰ্চিলোনাৰ সৈতে সম্পৰ্ক শেষ হোৱাৰ পিছত মেছী পিএছজিলৈ যোৱাৰ অন্যতম ডাঙৰ কাৰণ নেইমাৰ আছিল বুলি জনা গৈছে। প্ৰিয় বন্ধুক ক্লাবলৈ আনিবলৈ ব্ৰাজিলিয়ান ফৰোৱাৰ্ডগৰাকীয়ে পিএছজিৰ কৰ্মকৰ্তাসকলক উৎসাহ যোগাইছিল। কিন্তু সেই মেছী আৰু নেইমাৰৰ সম্পৰ্ক আগৰ দৰে সহজ হৈ থকা নাই!

    এতিয়া খবৰ ফ্ৰান্স নহয়, স্পেইনৰ পৰাই আহিছে। কেন্দ্ৰবিন্দু হ’ল মেছীৰ পত্নী আন্তনেলা (Antonela Roccuzzo)। নেইমাৰ দায়িত্বশীল টিমমেন নহয়। ফুটবলৰ উপৰি পাৰ্টী, মহিলা আসক্তিৰ ফালে মনোযোগ তেওঁৰ। তাৰ বাবেই মেছীৰ সৈতে তেওঁৰ যুটী জমি উঠা নাই। এইবাবেই ক্লাব এৰিব পাৰে লিঅ’নেল মেছী। এই কথা বন্ধু মহলক জনাইছে আন্তনেলাই। বাৰ্চিলোনাৰ সাংবাদিক শাভি তোৰেছে জনাইছে, মেছী আৰু নেইমাৰৰ সম্পৰ্ক আৰু আগৰ দৰে বন্ধুত্বপূৰ্ণ নহয়।

    খবৰটো এনেকুৱা সময়ত আহিছে, যেতিয়া চেম্পিয়নছ লীগত মানচেষ্টাৰ চিটীৰ (Manchester City vs PSG) খেলপথাৰত পৰাজয়ৰ পিছত পিএছজিৰ ফুটবলক লৈ সমালোচনা হৈছিল। আৰু পচেত্তিনোৰ পিএছজিৰ এই ছন্দহীন ফুটবলৰ বলি হৈছে মেছী–নেইমাৰ–এমবাপ্পেৰ সমন্বয়। তিনিওজনে মিলি এতিয়ালৈ গল কৰিছে মাত্ৰ ১৫টা। তিনিওজনে সময়ে সময়ে আঘাতপ্ৰাপ্ত আছিল। তিনিওজনে একেলগে খেলা খুব কমেই হৈছে। ইয়াৰ মাজতে মেছী আৰু এমবাপ্পেৰ যুটী কিছু চকুতলগা হৈছে।

    তিনিওজনৰ মাজত নেইমাৰক যেন কিছু পৃথক লাগিছে। ইয়াৰ মাজতে স্পেনিচ টিভি ‘উনজ টিভি থ্ৰী’ত সাংবাদিক শাভি তোৰেছৰ খবৰে পিএছজিৰ সমৰ্থকসকলৰ উদ্বেগ আৰুবৃদ্ধি কৰিব। তোৰেছে কয় যে মেছা আৰু নেইমাৰ আগৰ দৰে বন্ধু নহয়। তেওঁলোকৰ কেমিষ্ট্ৰি আগৰ দৰে হৈ থকা নাই। অৱশ্যে তেওঁ মেছীৰ পৰিয়ালৰ কথাই টানি আনিছে। আন্তনেলাক বেছি সময় বাৰ্চিলোনাতে দেখা যায়।

    এইখিনিতে অৱশ্যে এটা ‘কিন্তু’ থাকি যায়। মেছী পিএছজিলৈ যোৱাৰ পিছত কেইবাটাও সাক্ষাৎকাৰত কৈছে, ইমান বছৰে বাৰ্চিলোনাত তেওঁৰ পত্নী–সন্তানে ইমানেই অভ্যস্ত হৈ পৰিছে যে এতিয়া হঠাৎ এই সালসলনি মানি ল’বলৈ তেওঁলোকৰ কষ্ট হৈছে। মেছীৰ পত্নীৰ আন্তনেলাৰ বাৰ্চিলোনাত ব্যৱসায়ো আছে, সেয়াও তেওঁৰ পৰিয়ালৰ বাৰ্চিলোনালৈ যোৱাৰ কাৰণ হ’ব পাৰে।

    কিন্তু নেইমাৰে তেওঁৰ ব্যক্তিগত জীৱনত কি কৰিব, সেয়া কোৱাৰ অধিকাৰ মেছীৰ পত্নীক কোনে দিলে? প্ৰশ্ন উঠাটো স্বাভাৱিক। এইবোৰ কৈ মেছীক পেৰিছ এৰি বাৰ্চিলোনালৈ ওভতাৰ পাং পাতিছে নেকি পত্নীয়ে? সম্ভাৱনা নুই কৰিব নোৱাৰি। লগতে এয়াও ঠিক যে নেইমাৰৰ নৈশ যাপন, নিত্য নতুন মহিলাৰ সৈতে সম্পৰ্ক বৃদ্ধি পাইছে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: