বিশ্ব ফুটবলৰ দুই কিংবদন্তি তাৰকা লিয়নেল মেছি আৰু ক্রিষ্টিয়ানো ৰোনাল্ডোয়ে কাটাৰত খেলিবলৈ নামিব অন্তিমখন বিশ্বকাপ। ব্যক্তিগত আৰু ক্লাব পৰ্যায়ত সফলতাৰে তেওঁলোকে এক অভিলেখ কেৰিয়াৰ সৃষ্টি কৰিছে। চি আৰছেভেনে পৰ্তুগালক ইউৰোপৰ শ্ৰেষ্ঠ আৰু আৰ্জেণ্টিনাক এমএমটিইএনে লেটিন আমেৰিকাৰ শ্ৰেষ্ঠ হিচাপে ঘোষণা কৰে। অৱশ্যে দুয়োৰে বাবে সোণালী বিশ্বকাপ আধৰুৱা হৈ থাকিল। সেইটোৱেই এইবাৰ সম্পূৰ্ণ কৰিবলৈ নামিব দুই কিংবদন্তি।
বিশ্বকাপ আৰম্ভ হোৱাৰ পূর্বে মেছি-ৰ’নাল্ডোই পুনৰ শিৰোনাম দখল কৰিছে৷ মেছি আৰু ৰোনাল্ডোৰ এখন ছবি, শনিবাৰে সামাজিক মাধ্যমত শ্বেয়াৰ হোৱা ছবিখনে যথেষ্ট আলোড়ন তুলিছে। ছবিখনত দেখা গৈছে দবা ব'ৰ্ডৰ সন্মুখত দুয়োজন কিংবদন্তি ফুটবলাৰ। এজনৰ হাত মূৰত আৰু আন এজনৰ হাত মুখত। গভীৰ চিন্তাত থকা দেখা গৈছে দুয়োজনকে। ছবিখন শ্বেয়াৰ কৰি দুয়োজনে লিখিছে কেপচন, ‘সফলতা হৈছে এক মনৰ অৱস্থা। ট্ৰাংক বনোৱাৰ এক দীঘলীয়া পৰম্পৰা।'
এই ছবিখন শ্বেয়াৰ কৰাৰ পিছত ধুমুহাৰ দৰে ইন্টাৰনেট জগতত ভাইৰেল হৈ পৰিছে। ফুটবল বিশেষজ্ঞসকলৰ মতে, মেছি-ৰ’নাল্ডোৱে নিজৰ কেৰিয়াৰৰ পঞ্চম বিশ্বকাপ খেলিবলৈ যোৱাৰ পূৰ্বে এই ছবিখনৰ জৰিয়তে তেওঁলোকে নিজৰ লক্ষ্যত কিমান অটল সেই কথা প্ৰকাশ কৰিব বিচাৰিছে। ছবিখনত তাৰকা দুজনক ক’লা পোছাক পিন্ধি অতি সুদৰ্শন দেখা গৈছে। য'ত বিশ্বজুৰি তেওঁলোকৰ কোটি কোটি অনুৰাগীয়ে ভালপোৱা প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে, ২৩ তাৰিখে আৰ্জেণ্টিনাই বিশ্বকাপ অভিযান আৰম্ভ কৰিব। প্ৰথমখন মেচত মেছিৰ প্ৰতিদ্বন্দ্বী ছৌদি আৰব। আনহাতে, পৰ্তুগালে ২৪ তাৰিখে ঘানাৰ বিৰুদ্ধে এখন খেলৰ জৰিয়তে কাটাৰ অভিযান আৰম্ভ কৰিব। প্ৰথমখন খেলৰ পৰাই মেছি-ৰ’নাল্ডোৰ দুভৰিৰ যাদু উপভোগ কৰাৰ বাবে অপেক্ষা কৰি আছে ফুটবলপ্ৰেমীয়ে।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|