এম এছ ধোনী এতিয়া ভীষন ব্যস্ত। দুমাহৰ বাবে এতিয়া জম্মু–কাশ্মীৰৰ সেনাৰ শিৱিৰত প্ৰশিক্ষণত ব্যস্ত ভাৰতীয় ক্ৰিকেটৰ তাৰকা খেলুৱৈ এম এছ ধোনী। শেহতীয়াকৈ ধোনীয়ে সেনাৰ শিৱিৰত সতীৰ্থৰ সৈতে ভলীবল খেলাৰ ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।
![]()
উল্লেখযোগ্য যে ১৫ আগষ্টলৈকে পেৰা কমাণ্ডো বেটেলিয়নৰ সৈতে থাকিব ধোনী।ধোনীয়ে যোগদান কৰা বেটেলিয়নত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৭০০ সৈনিক আছে, য’ত আছে গোৰ্খা, শিখ, ৰাজপুতৰ দৰে সকলো ৰেজিমেণ্টৰ সৈনিক। দিন–ৰাতি কাম কৰিব লাগিব মহেন্দ্ৰ সিং ধোনীয়ে।
![]()
দৈনিক ভাস্কৰৰ খবৰ অনুসৰি, ধোনীয়ে ১৯ কিলোগ্ৰাম ওজন লগত লৈ ফুৰিব লাগিব। ধোনীৰ সৈতে থাকিব প্ৰায় ৫ কিলোগ্ৰাম ওজনৰ তিনিটা মেগজিন, তিনি কিলোগ্ৰাম ওজনৰ পোছাক, ২ কিলোগ্ৰাম ওজনৰ জোতা, ১ কিলোগ্ৰাম ওজনৰ হেলমেট, চাৰি কিলোগ্ৰাম ওজনৰ বুলেটপ্ৰুফ জেকেট আৰু প্ৰায় চাৰি কিলোগ্ৰাম ওজনৰ গ্ৰেনেড।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|