কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰ আঘাতৰ বাবে এই বছৰ প্ৰতিযোগিতাখনৰ অংশ ল'ব নোৱাৰিব। টীম মেনেজমেণ্টে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ নতুন ছিজনৰ বাবে অধিনায়কৰ নাম ঘোষণা কৰিছে। দলটোৰ অভিজ্ঞ বেটছমেন নীতিশ ৰাণাক এই দায়িত্ব দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।
কলকাতা নাইট ৰাইডাৰ্ছৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে শ্ৰেয়াছ আয়াৰে পিঠিৰ আঘাতৰ সৈতে যুঁজি আছে। আশা কৰোঁ যে তেওঁ এই আই পি এল ছিজনত দলটোত যোগদান কৰিবলৈ সক্ষম হ'ব। তেওঁৰ ঠাইত, দলটোৰ অধিনায়কত্বৰ দায়িত্ব নীতিশ ৰাণাক দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।
২০১৮ চনৰ আই পি এল ছিজনত, নীতিশ ৰাণাই ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে খেলি থাকোতে একে অভাৰত বিৰাট কোহলী আৰু এ বি ডি ভিলিয়াৰ্ছ দুয়োৰে উইকেট দখল কৰিছিল। তেওঁ কোহলীক ক্লিন বোল্ড কৰিছিল, যিটো যথেষ্ট আলোচনা কৰা হৈছিল। এই খেলত বলিং প্ৰদৰ্শনৰ পিছত, বিৰাট কোহলীয়ে নীতিশক লগ কৰে আৰু খেলখনৰ পিছত তেওঁক এটা উপহাৰ দিয়ে।
Published by: Kokil Sarma
FIRST PUBLISHED : March 27, 2023, 18:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।